পৃষ্ঠা:প্ৰচণ্ড.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰালৈ ল’লে। বিদ্ৰোহী কাৰ্যকলাপত ব্যস্ত থকা পুষ্প কমলে পৰিয়ালটোৰ দায়িত্ব ল’বলৈ অপাৰগ হোৱাত পত্নী সীতাই চাৰিটা সন্তানৰ প্ৰতিপালনৰ দায়িত্ব ল’বলগীয়া হৈছিল। লগতে তেওঁ কেতিয়াবা তেওঁলোকৰ ঘৰলৈ অহা দলৰ সদস্যসকলকো ৰান্ধি- বাঢ়ি খুৱাবলগীয়া হৈছিল। সাম্যবাদী দলৰ কাৰ্যকৰী সমিতিৰ সদস্য মোহন বৈদ্য আৰু মোহন বিক্ৰম সিঙৰ মাজত পুনৰ আদৰ্শগত কাৰণত সংঘাত হোৱাত দলটো আকৌ বিভাজিত হৈ পৰে আৰু নেপালী সাম্যবাদী দল (মশ্বাল) নামৰ এটা নতুন দলৰ জন্ম হয়। মোহন বৈদ্য আৰু অন্যান্য সদস্যসকলে দলীয় সংঘাতৰ কাৰণে মোহন বিক্ৰমৰ স্বেচ্ছাচাৰী নেতৃত্বকে দোষাৰোপ কৰিছে। দলৰ এই বিভাজনে কৃষক বিদ্ৰোহটোক মূল উদ্দেশ্যৰ পৰা আঁতৰাই আনি বিপথেহে পৰিচালিত কৰিছিল।

 স্বাভাৱিকতেই উচ্চ পৰ্যায়ৰ নেতা হিচাপে মোহন বৈদ্য ওৰফে কমৰেড কিৰণ নতুন দলটোৰ সাধাৰণ সম্পাদক পদত বাহাল থাকে। কমৰেড বিশ্বাস আৰু চি পি গুজৰালে এই দলত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ড° বাবুৰাম ভট্টৰায় মোহন বিক্ৰম সিঙৰ দলত যোগদান কৰে। সেই সময়ত অৱশ্যে বিশেষ জনপ্ৰিয় নেতা পোৱা হোৱা নাছিল। মোহন বৈদ্য নেতৃত্বাধীন নতুন দলটোত কমডে বিশ্বাস সাম্যবাদী দলৰ কাৰ্যকৰী সমিতিৰ সদস্য হয়।

 অতি সোনকালেই এই দলে পঞ্চায়তৰ শাসকৰ দমন নীতিৰ বিৰুদ্ধে এক সশস্ত্ৰ আক্ৰমণ কৰিবলৈ সিদ্ধান্ত ল’লে। এই দলে সশস্ত্ৰ আক্ৰমণকে অত্যাচাৰী পঞ্চায়তী শাসন ব্যৱস্থাক উৎখাত কৰাৰ একমাত্ৰ পথ বুলি বিবেচনা কৰিছিল। উদ্দেশ্যপ্ৰণোদিত আৰু পূৰ্ব পৰিকল্পিতভাৱে তৈয়াৰ কৰা এই সশস্ত্ৰ আক্ৰমণৰ গুপুত নাম আছিল ছেক্টৰ কান্দা। প্ৰথমে এই অভিযানে কাঠমাণ্ডু ভেলীৰ আৰক্ষী চকীসমূহক লক্ষ্য কৰি লৈছিল। ১৯৮৬ চনৰ ১ এপ্ৰিলত তেওঁলোকে ক্ৰমাগতভাৱে ৰাজধানী চহৰৰ ইণ্ডিয়া চ’ক আৰক্ষী চকী, নৰাদেৱী আৰক্ষী চকী, আচন থামেল আদিকে ধৰি অন্যান্য আৰক্ষী চকীসমূহত আক্ৰমণ চলায়। ত্ৰিপুৰেশ্বৰত অৱস্থিত ৰজা ত্ৰিভূৱনৰ মূৰ্তিও তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য আছিল। এমাহপৰ্যন্ত প্ৰশাসনে এনে দুঃসাহসিক আক্ৰমণৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল। প্ৰশাসনে ৰয়েল নেপাল আৰ্মিক ঠায়ে ঠায়ে নিয়োগ কৰিছিল আৰু আৰক্ষী বিষয়াসকলক আক্ৰমণৰ আঁৰত থকাসকলক আটক কৰিবলৈ আদেশ দিছিল। দুৰ্ভাগ্যবশতঃ ওম সুবেদী নামৰ আক্ৰমণকাৰী এজনক পুলিচে আটক কৰি অত্যাচাৰ কৰিছিল। তাৰ পাছতে যুৱ কমৰেড দীপক মাহাতোকো পুলিচে আটক কৰে। ঘটনাৰ প্ৰকৃত সত্যতা ওলাই পৰাত আৰক্ষীৰ লোকে অভিযানত জড়িত লোকসকলৰ সন্ধানত নামি পৰে।

 ছেক্টৰ কান্দা অভিযানৰ অসফলতাই দলটোৰ কাম-কাজত এটা ডাঙৰ আঘাত হানিলে ৷ অভিযানটোত ধৰা পৰা বহুতো বিদ্ৰোহীয়ে পুলিচৰ ওচৰত শীৰ্ষ নেতাসকলৰ

৩৮