পৃষ্ঠা:প্ৰচণ্ড.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাৰ্যসূচী শুনিব পোৱা গৈছিল। তৃতীয়টো এফ এম ষ্টেশ্যনৰ অনুষ্ঠান প্ৰচাৰিত হৈছিল ৰ’লপা জিলাৰ থাবাং গাঁৱৰ পৰা। উল্লেখযোগ্য যে এই থাবাং গাঁও মাওবাদীসকলৰ ঘাটি। চতুৰ্থটো মাওবাদী ৰেডিঅ’ ষ্টেশ্যন আছিল ভিতৰুৱা ভেৰী কাৰমালী অঞ্চলত। ৰেডিঅ’ ষ্টেশ্যনকেইটাৰ সঁজুলিবোৰ আহিছিল পশ্চিম নেপালৰ কাঞ্চনপুৰৰ জালাৰিত অৱস্থিত চৰকাৰী ৰেডিঅ’ ষ্টেশ্যন ৰেডিঅ’ নেপালৰ পৰা। পি এল এ যোদ্ধাসকলে সেইবোৰ তাৰ পৰা লুট কৰি আনিছিল।

 ১৭ নৱেম্বৰত পঞ্চমটো ৰেডিঅ’ ষ্টেশ্যন এচহামত স্থাপন কৰা হৈছিল। এচহাম এফ এম ৰেডিঅ’ ষ্টেশ্যনটোৰ পৰা অনুষ্ঠান আৰম্ভ হৈছিল ৰাছিয়াৰ অক্টোবৰ বিপ্লৱৰ বিষয়ে অধ্যক্ষ প্ৰচণ্ডই দিয়া এটা বক্তৃতাৰে। ভাষণত তেওঁ সশস্ত্ৰ শ্ৰমজীৱী লোকৰ আন্দোলনত বিপ্লৱী সামূহিক ৰেডিঅ’ৰ গুৰুত্বৰ বিষয়ে কৈছিল। তেওঁ লগতে বিপ্লৱী সাংবাদিকসকলক সাহসী হ’বলৈ আহ্বান জনাইছিল আৰু জনযুদ্ধৰ সকলো খবৰ জনসাধাৰণৰ আগত দাঙি ধৰিবলৈ আহ্বান জনাইছিল।

 প্ৰচণ্ডই পাঁচোটা এফ এম ৰেডিঅ’ ষ্টেশ্যনকে জনগণৰ ৰেডিঅ’ কৰি তুলিছিল। খুব কম সময়ৰ ভিতৰতে আটাইকেইটা ষ্টেশ্যনেই মাওবাদী অধ্যুষিত জিলাবোৰৰ জনসাধাৰণৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। মাওবাদী পৰিচালিত এই এফ এম ৰেডিঅ’কেইটাত কেতবোৰ নিয়মো প্ৰৱৰ্তন কৰা হৈছিল।

 ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগত ৰজা জ্ঞানেন্দ্ৰই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ৰ’লপা জিলাৰ থাবাঙত থকা ৰেডিঅ’ ষ্টেশ্যনটো ৰুকুমলৈ স্থানান্তৰ কৰে। ৰুকুমলৈ স্থানান্তৰ কৰাৰ দুসপ্তাহ পাছতহে ষ্টেশ্যনটোৰ প্ৰচাৰ আৰম্ভ হয়, কাৰণ সঁজুলিবোৰ স্থাপন কৰোঁতে সময়ৰ প্ৰয়োজন হৈছিল। সেই সময়ত ৰেডিঅ'ত প্ৰচাৰিত বেছিভাগ বাতৰিয়েই আছিল নিৰাপত্তা বাহিনী আৰু পি এল এৰ মাজৰ সংঘৰ্ষ সম্পৰ্কীয়।

 ৰেডিঅ’ ইউনিটটো ৰুকুমত পুনৰ স্থাপন কৰাত বিশেষভাৱে সহায় কৰা সাংবাদিক কিশোৰ পানাথিয়ে কয়—

‘১১ এপ্ৰিলত পি এল এ সৈনিকসকলে যেতিয়া ৰুকুমৰ খাৰাত আৰ
এন এ বেটেলিয়ন আৰু সশস্ত্ৰ আৰক্ষী বাহিনীৰ শিবিৰত আক্ৰমণ
চলাইছিল তেতিয়া আমাৰ ৰেডিঅ’ ষ্টেশ্যনটোৰ প্ৰচাৰ আৰম্ভ হৈছিল।
আমাৰ ৰেডিঅ' ষ্টেশ্যনটো খাৰাৰ পৰা বেছি দূৰত নাছিল। সেয়ে
ৰেডিঅ’ জনগণতন্ত্ৰই খাৰা সংঘৰ্ষৰ পোনপটীয়া সম্প্ৰচাৰ কৰিছিল।
কামটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল আৰু এই কামটো আমাৰ টিমৰ
সদস্য শচীন ৰোক্কাই সম্পাদন কৰিছিল।’

 আমোদজনক কথাটো হ'ল আৰক্ষীয়ে তেওঁলোকৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা

১০২