পৃষ্ঠা:প্ৰচণ্ড.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰক্ৰিয়াটো পিছপৰি ৰয়। নতুন সংবিধান লিখাৰ কামটো ২০১০ চনৰ ২৮ মে'ত সম্পূৰ্ণ হ'ব লাগিছিল যদিও মে’ৰ দ্বিতীয় সপ্তাহৰ পৰা মাওবাদীসকলে নেপাল বন্ধৰ আহ্বান জনায়। ফলত এসপ্তাহৰ অধিক সময় নেপালৰ জনজীৱন স্তব্ধ হৈ পৰে।

 পি এল এক নেপাল আৰ্মিৰ মতে একত্ৰিত কৰা আৰু দেশখনক জনতাৰ গণৰাজ্য পৰিৱৰ্তন কৰাৰ দাবীৰ উপৰি মাওবাদীসকলে এখন সৰ্বসন্মত চৰকাৰৰ দাবী বাৰে বাৰে উত্থাপন কৰে। পৰৱৰ্তী সময়ত বিধান পৰিষদৰ কাৰ্যকাল এবছৰৰ বাবে বঢ়াই দিয়া হয়৷

 মাওবাদীৰ হেঁচাক বাধা দিব নোৱাৰি ২০১০ চনৰ ৩০ জুনত প্ৰধান মন্ত্ৰী মাধৱ কুমাৰ নেপালে পদত্যাগ কৰি এখন সৰ্বসন্মত জাতীয় চৰকাৰ গঠনৰ বাট মুকলি কৰে। মাধৱ কুমাৰ নেপালৰ পদত্যাগৰ লগে লগে নতুনকৈ জন্ম লভা হিমালয়ৰ গণৰাজ্যখনলৈ গভীৰ ৰাজনৈতিক সংকট নামি আহে।

 মাওবাদীয়ে এখন সৰ্বসন্মত চৰকাৰ গঠনৰ বাবে হেঁচা দিলেও, দেশখনে এজন প্রধান মন্ত্ৰী নিৰ্বাচিত কৰিব পৰা নাছিল। কাৰণ প্ৰধান মন্ত্ৰীৰ দৌৰত আছিল চাৰিজনকৈ প্রার্থী। নেপালী কংগ্ৰেছে ৰামচন্দ্ৰ পৌড়েলক প্রধান মন্ত্রী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে মাওবাদীয়ে প্রচণ্ডক প্রার্থী হিচাপে থিয় কৰায়। চি পি এম (ইউ এম এল) মুৰব্বী জালানাথ খানাল আৰু মহাদেশী জনাধিকাৰ ফ’ৰামৰ (ডেম’ক্রেটিক) অধ্যক্ষ বিজয় গাচ্চাদাৰো প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল।

 দেশখনত ৰাজনৈতিক অনিশ্চয়তা বিৰাজ কৰি থকাৰ সময়তে নেপালী মাওবাদীৰ সমীকৰণত সংকটে দেখা দিয়ে। গোৰ্খাত অনুষ্ঠিত হোৱা সপ্তাহজোৰা দলৰ অধিৱেশনত প্ৰচণ্ড আৰু জ্যেষ্ঠ উপাধ্যক্ষ মোহন বৈদ্য তথা উপাধ্যক্ষ বাবুৰাম ভট্টৰায়ৰ মাজত ক্ৰমে বাঢ়ি অহা মতানৈক্য ৰাজহুৱা হৈ পৰে। বৈদ্য আৰু ভট্টৰায়ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ প্ৰচণ্ডই আত্মৰক্ষামূলক অৱস্থান গ্রহণ কৰিবলগীয়া হয়। মাওবাদীৰ অধিৱেশনত দেখা যায় মাওবাদী পিপুলছ্ লিবাৰেশ্যন আৰ্মিৰ (পি এল এ) ওপৰত অধ্যক্ষ প্রচণ্ডৰ প্ৰভাৱ নোহোৱা হৈ আহিছে। অধিকাংশ পি এল এ কামাণ্ডাৰে প্ৰচণ্ডৰ নেতৃত্বক মুকলিকৈ সমালোচনা কৰি বৈদ্য আৰু ভট্টৰায়ৰ পক্ষত অৱস্থান গ্ৰহণ কৰে।

 বৈদ্য আৰু ভট্টৰাই উভয়ে প্রচণ্ডৰ কেন্দ্ৰীভূত অৱস্থানক সমালোচনা কৰাই নহয়, তেওঁলোকে প্রচণ্ডক দলত নিজৰ প্ৰভাৱ বৃদ্ধিৰ স্বাৰ্থত ‘ক্ষমতা, কৰ্তৃত্ব আৰু অৰ্থৰ অপব্যৱহাৰ’ কৰাৰ অভিযোগত অভিযুক্ত কৰে।

 দলৰ মাজত হোৱা বিবাদৰ ফলত প্ৰচণ্ড ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰে। কাক তেওঁলোকৰ মূল শত্ৰু হিচাপে গণ্য কৰা হ’ব তাক লৈ বাবুৰাম ভট্টৰায়ৰ প্ৰচণ্ডৰ সৈতে

১৯১