পৃষ্ঠা:প্ৰচণ্ড.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সিদ্ধান্ত লোৱাত জোৰ দিছিল, কিন্তু প্রধান মন্ত্রীয়ে আমাক উপেক্ষা
কৰি সিদ্ধান্ত ল'লে।'

 মৰ্চা চৰকাৰৰ দ্বিতীয় বৃহৎ দল কমিউনিষ্ট পার্টি অৱ নেপালে সেনা প্রধানজনক অপসাৰণ কৰাৰ প্ৰধান মন্ত্ৰীৰ একপক্ষীয় সিদ্ধান্তৰ প্ৰতিবাদত চৰকাৰৰ পৰা সমর্থন প্রত্যাহাৰ কৰে।

 মাওবাদী নেতৃত্বাধীন সংযুক্ত চৰকাৰখনৰ একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত হেজাৰ হেজাৰ জনতা কাঠমাণ্ডুৰ ৰাজপথলৈ ওলাই আহে আৰু বিভিন্ন ঠাইত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নেপালৰ জনতাৰ ক্ষোভ ক্রমে বাঢ়ি আহে। বিক্ষোভকাৰীসকলে ইন্ধনৰ নাটনি আৰু খাদ্য তথা অন্যান্য ঘৰুৱা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে।

 পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত প্ৰচণ্ড ব্যৰ্থ হয় আৰু সেনা প্রধানজনৰ অপসাৰণক লৈ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সংঘাতৰ পাছতে ২০০৯ চনৰ ৪ মে'ত তেওঁ পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। প্ৰচণ্ডৰ পদত্যাগৰ ফলত নেপালত ৰাজনৈতিক অনিশ্চয়তাই বিৰাজ কৰে।

 ৰাষ্ট্ৰপতি ৰামবৰণ যাদৱে মাওবাদী চৰকাৰে সেনা প্রধানজনক অপসাৰণৰ বাবে দিয়া নির্দেশটো নাকচ কৰাৰ পাছতে প্রধান মন্ত্রী প্রচণ্ডই দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত তেওঁৰ পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। বিৰোধী দলৰ ভক্ত ৰাষ্ট্ৰপতিজনে কয়—

‘মাওবাদী চৰকাৰে সেনা প্রধানজনক অপসাৰণৰ বাবে লোৱা সিদ্ধান্ত
অবৈধ আৰু অসাংবিধানিক।

 ৰাষ্ট্ৰপতিৰ পদক্ষেপক মাওবাদী প্রধান মন্ত্রীজনে নেপালৰ চালুকীয়া গণতন্ত্ৰৰ তথা শান্তি প্ৰক্ৰিয়াৰ ওপৰত এক আক্রমণ বুলি কয়। তেওঁ কয় যে ৰাষ্ট্ৰপতিৰ সমান্তৰাল শক্তি হিচাপে কাম কৰাৰ কোনো অধিকাৰ নাই৷ তেওঁ আৰু কয় যে গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থতে তেওঁ পদত্যাগ কৰিছে।

 তিনি সপ্তাহজোৰা ৰাজনৈতিক অনিশ্চয়তাৰ অন্তত ২০০৯ চনৰ ২৫ মে’ত চি পি এন (ইউ এম এল)ৰ নেতা মাধৱ কুমাৰ নেপালে প্রধান মন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। নেপালী কংগ্ৰেছৰ লগতে ২১ টা ক্ষুদ্ৰ ৰাজনৈতিক দলে তেওঁক সমর্থন জনায়। অপমানত ক্ষুব্ধ হৈ মাওবাদীসকলে এটা শক্তিশালী বিৰোধী দলৰ ভূমিকা ল'বলৈ আৰম্ভ কৰে। সেই সময়ছোৱাত নেপালৰ কাম-কাজ কার্যতঃ বিশেষ আগনাবাঢ়ে।

 সেই সময়ত বিধান পৰিষদৰ প্ৰাথমিক কাম দেশৰ নতুন সংবিধানৰ খচৰা প্ৰস্তুতিৰ

১৯০