পৃষ্ঠা:প্ৰচণ্ড.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাওবাদীসকলে তেওঁলোকৰ কট্টৰ সশস্ত্ৰ সংগ্ৰামৰ পথ পৰিহাৰ কৰি গণতান্ত্রিক ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত হোৱাত অভিনন্দন জ্ঞাপন কৰিছিল। দুই দশক ধৰি ৰক্তপাত সংঘটিত কৰি অৱশেষত কট্টৰ সাম্যবাদী বিদ্রোহীসকলে বুলেটৰ সলনি বেলটৰ সহায়ত নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল।

 সংবিধান সভাৰ নিৰ্বাচনৰ চাৰি মাহৰ পাছত ২০০৮ চনৰ ১৫ আগষ্টত অনুষ্ঠিত হোৱা নিৰ্বাচনত সংবিধান সভাই প্রচণ্ডক দেশৰ প্ৰথমগৰাকী প্ৰধান মন্ত্ৰীৰূপে নির্বাচিত কৰে। এই নিৰ্বাচনত তেওঁ নেপালী কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী শ্বেৰ বাহাদুৰ দেউবাক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত কৰে।

১৭৮