চি), কানাডাৰ বৈপ্লৱিক সাম্যবাদী দল আৰু গ্ৰীচৰ সাম্যবাদী দল (লেনিনবাদী-মার্ক্সবাদী) আদিকে ধৰি বিশ্বৰ ভিন্ন সাম্যবাদী দলসমূহে তেওঁলোকৰ প্ৰশংসাসূচক বাণী প্ৰেৰণ কৰিছিল। ভাৰতবৰ্ষৰ চি পি আই (মাওবাদী)য়েও তেওঁলোকৰ ভাতৃবৎ নেপালী মাওবাদীসকলৰ নিৰ্বাচনী সাফল্যত শিহৰিত হৈছিল। উৎফুল্লিত চি পি আই (মাওবাদী) দলৰ মুখপাত্ৰ আজাদে কৈছিল—
‘নেপালৰ নিৰ্বাচনী ফলাফলে পুনৰবাৰ পুৰণিকলীয়া সামন্তীয় ৰাজতন্ত্ৰৰ বিৰুদ্ধে সাধাৰণ জনতাৰ ক্ষোভৰ বহিঃপ্রকাশৰ কথা প্ৰমাণ কৰিলে।'
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ হোৱাৰ পাছতেই অধ্যক্ষ প্রচণ্ডই দলৰ ৰাজনৈতিক কূটনীতি সন্দৰ্ভত মত প্ৰকাশ কৰিলে। নেপাল যিহেতু এছিয়াৰ দুখন শক্তিশালী ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ মাজত অৱস্থিত, সেয়ে প্ৰচণ্ডই তেওঁৰ দলে দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ লগত সম্পর্ক গঢ়াৰ ক্ষেত্ৰত সমদূৰত্ব বজাই ৰখাৰ নীতি পোষণ কৰিলে। ইয়াৰ আগতেও মাওবাদী নেতা প্রচণ্ডই ভাৰতৰ ভাতৃবৎ মাওবাদী সংগঠনবোৰৰ সুৰতে সুৰ মিলাই নতুন দিল্লীয়ে নেপালৰ প্ৰতি গ্ৰহণ কৰা সম্প্ৰসাৰণবাদী নীতিক সমালোচনা কৰি আহিছিল। ‘দ্য হিন্দু’ত সিদ্ধাৰ্থ ভৰদ্বাৰাজনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাওবাদী নেতাজনে কৈছিল—
‘ৰাজনৈতিকভাৱে আমি ভাৰত আৰু চীনৰ সৈতে সম দূৰত্ব ৰাখি
চলিম কাৰণ মিত্ৰতা আৰু কাৰোবাৰ বিৰুদ্ধে যোৱা মানেই ভৌগোলিক
চৰ্তাৱলী আৰু আমাৰ দেশৰ প্ৰয়োজনীয়তাক উলংঘা কৰা। অৱশ্যে
এটা কথা আমি বাস্তৱ ভিত্তিৰ পৰাও চাব লাগিব, কাৰণ ভাৰতবৰ্ষৰ
সৈতে থকা আমাৰ ঐতিহাসিক, সাংস্কৃতিক আৰু ভৌগোলিক সম্পৰ্ক
চীনতকৈ বেলেগ। এই পৰিস্থিতি আমি স্বীকাৰ কৰিব লাগিব আৰু
সম্পর্ক নিৰূপণৰ ক্ষেত্ৰত ইয়ে হ’ব মুখ্য বিষয়। সেয়ে এই অর্থত
ভাৰতবৰ্ষ আৰু চীনৰ লগত সম দূৰত্বৰ কথাটো হ'বই নোৱাৰে ৷ চীনৰ
সৈতে কোনো মুকলি সীমা নাই, তেনেক্ষেত্ৰত কেনেদৰে সমদূৰত্ব
সম্ভৱ হ’ব পাৰে? কিন্তু যিমানদূৰ ‘মিত্ৰতা’ৰ প্ৰশ্নটো জড়িত হৈ আছে
এটাৰ পক্ষ লৈ আনটোৰ বিৰোধিতা কৰাৰ অৰ্থতহে সমদূৰত্বৰ কথাটো
আহি পৰিছে।’
অৱশ্যে সংবিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত সকলোকে আচৰিত কৰি প্ৰচণ্ডই ভাৰত-নেপালৰ বন্ধুত্বৰ ক্ষেত্ৰত ইণ্ডো-নেপাল বন্ধুত্ব চুক্তি ১৯৫০ চনৰ বিষয়ত কোমল মনোবৃত্তি পোষণ কৰিলে৷ ভাৰত-নেপাল চুক্তিৰ সংশোধনী বা বাতিল কৰাটো নেপালৰ মাওবাদীসকলৰ এটা মুখ্য লক্ষ্য আছিল। সংগঠনটোৱে ১৯৯৬ চনত প্ৰধান