পৃষ্ঠা:প্ৰচণ্ড.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাওবাদীসকলক সমৰ্থন কৰা তেনে বাতৰি কাকতসমূহৰ ভিতৰত ‘জন একতা’, ‘জন ভাবনা’ আদিৰ নাম ল’ব পাৰি।

 ইয়াতো ক্ষান্ত নাথাকি চৰকাৰে হিমালয়ান জাৰ্নেলৰ সাংবাদিক যদু লেমিজহেনক মাওবাদীসকলক সমৰ্থন কৰাৰ বাবে আটক কৰে। নেপালৰ উচ্চতম ন্যায়ালয়ে তেওঁক মুকলি কৰি দিবলৈ চৰকাৰক আদেশ দিয়ে। কিন্তু চৰকাৰে তেওঁক পুনৰ প্ৰচণ্ডৰ লগত বৃদ্ধি পোৱা ঘনিষ্ঠতাৰ বাবে আটক কৰে।

 ইয়াৰ পাছত প্ৰচণ্ড ‘পিপুলছ লিবাৰেশ্যন আৰ্মি’ (পি এল এ)ৰ সৰ্বাধিনায়ক পদত অধিষ্ঠিত হয়। বাবুৰাম ভট্টৰায়ক আইন ৰচনা আদিৰ লগতে দলৰ ৰাজনৈতিক দিশটো চোৱা-চিতাৰ দায়িত্ব অৰ্পণ কৰে।

 দলীয় কাম-কাজবিলাক অধিক সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰচণ্ডই পত্নীসহ ১৯৯৮ চনৰ মাজভাগত দিল্লীলৈ গৈ গাজিয়াবাদত এটা ঘৰ ভাড়ালৈ লয়। এই ঠাইত থকাৰ বাবে তেওঁৰ সমগ্ৰ অভিযানটো পৰিচালনা কৰাৰ লগতে ৰ’লপা, ৰুকুমকে ধৰি লক্ষ্ণৌ আদিলৈ যাবলৈ সুবিধা হৈছিল। আমোদজনকভাৱে এঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰাৰ সময়ছোৱাত প্ৰচণ্ডই বিভিন্ন সময়ত বিভিন্ন ছদ্মবেশত, যেনে কেতিয়াবা গৱেষক, কেতিয়াবা স্কুলৰ শিক্ষক আদিৰ ভাও লৈছিল ৷ প্ৰচণ্ডৰ ভাষাত—

‘কেতিয়াবা মই নিজকে দাৰ্জিলিঙৰ পৰা অহা বুলি আৰু কেতিয়াবা
হিমাচল প্ৰদেশৰ পৰা অহা বুলি দাবী কৰিছিলোঁ।

 ১৯৯৯ চনত এজনী কন্যা সন্তান জন্ম দিয়াৰ পাছত ৰেণুৱেও কট্টৰ সাম্যবাদী আন্দোলনত যোগদান কৰি সদৌ নেপালী মহিলা সংগঠনৰ সভানেত্ৰী হয়। গাজিয়াবাদত থকাৰ সময়ত প্ৰচণ্ডই বিভিন্ন সময়ত পত্নীৰ সৈতে জলন্ধৰত থকা ৰেণুক লগ ধৰিবলৈ গৈছিল। এই বিষয়ে ৰেণুৱে প্ৰায়ে কৈছিল—

‘মাওবাদীৰ মুৰব্বী হোৱা সত্ত্বেও তেওঁ এজন দয়ালু আৰু হাস্যৰসিক
ব্যক্তি আছিল৷ যেতিয়া তেওঁ পৰিয়ালৰ মানুহৰ লগত থাকে, কোনেও
বিশ্বাস নকৰে যে তেওঁ জনযুদ্ধৰ নেতৃত্ব দিয়া এটা সক্ৰিয় মাওবাদী
সংগঠনৰ সদস্য।’

 ইতিমধ্যে ১৯৯৯ চনৰ মে’ মাহত হোৱা নিৰ্বাচনত নেপালী কংগ্ৰেছৰ নেতা কৃষ্ণ প্ৰসাদ ভট্টৰায়ে চৰকাৰ গঠন কৰে। সেই বছৰৰে ডিচেম্বৰ মাহত প্ৰধান মন্ত্ৰী ভট্টৰায়ে শ্বেৰ বাহাদুৰ দেউবাৰ নেতৃত্বত মাওবাদী সমস্যা সমাধান কৰিবৰ বাবে এক আয়োগ

গঠন কৰে।

৫৪