পৃষ্ঠা:প্ৰচণ্ড.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তেতিয়াৰ পৰাই যাদৱে প্ৰচণ্ডৰ ঘনিষ্ঠ সান্নিধ্যত কাম কৰি আহিছে। বিশেষকৈ জনযুদ্ধৰ সময়ত বিহাৰ আৰু উত্তৰ প্ৰদেশত সভা অনুষ্ঠিত কৰাত আৰু জনসাধাৰণক সংগঠিত কৰোঁতে যাদৱে মাওবাদী নেতাজনৰ লগত ঘনিষ্ঠভাৱে কাম কৰিছিল। মাওবাদীৰ মাধেচি গোট মাধেচি মুক্তি মৰ্চাৰ (মাধেচি লিবাৰেশ্যন ফ্ৰণ্ট) প্রধান হিচাপে যাদৱে সাংগঠনিক কার্যকলাপ চলাবৰ বাবে বিহাৰ আৰু পুব-উত্তৰ প্ৰদেশক ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল।

 পাছত ৰয়েল নেপাল আৰ্মিৰ তথ্যৰ ভিত্তিত ২০০৪ চনৰ ৮ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ পুলিচে যাদৱক অন্য এজন জ্যেষ্ঠ মাওবাদী নেতা সুৰেশ এল মগৰৰ সৈতে গ্ৰেপ্তাৰ কৰে। যাদৱে লগতে কয়—

 ‘প্ৰতিদিনেই তেওঁৰ পৰা সাম্যবাদ সম্পৰ্কে বহুত নতুন কথা শিকিছিলোঁ। তেওঁ এজন মহান শিক্ষক আছিল। তেওঁৰ নেতৃত্ব প্ৰদানৰ দক্ষতা কাৰো লগতেই তুলনা নহয়। তেওঁ আছিল উদ্ভাৱনশীল নেতা। নেপালৰ কট্টৰ সাম্যবাদী সংগ্রাম চলোৱাৰ বাবে তেওঁ আমাক সদায় নতুন নতুন উপায় অৱলম্বন কৰিবলৈ কৈছিল। পাৰ্টি আৰু সাম্যবাদৰ নামত তেওঁ তেওঁৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।'

 যাদৱৰ ধাৰণাত প্ৰচণ্ড এজন সৰল আৰু বহল মনৰ অধিকাৰী ব্যক্তি। তেওঁ কয় যে মাওবাদী নেতাজনে ডেকা-বুঢ়া, ধনী-দুখীয়া সকলোৰে লগত সহজে মিলি যাব পাৰে। যাদৱৰ মতে, প্রচণ্ড যথেষ্ট উদাৰ আৰু যিকোনো বিষয়ত সঠিক সিদ্ধান্ত ল’ব পাৰে। বিশেষকৈ সংকটপূৰ্ণ ৰাজনৈতিক পৰিস্থিতিত তেওঁ ক্ষিপ্ৰ আৰু সঠিক সিদ্ধান্ত লোৱাত সিদ্ধহস্ত। তেওঁ নিজে লোৱা সিদ্ধান্তক লৈ কেতিয়াও অনুশোচনা নকৰে।

 মাধেচি মাওবাদী নেতাজনৰ মতে, প্রচণ্ড অত্যন্ত সাহসী নেতা। জীৱনলৈ অহা অসংখ্য ভাবুকি সত্ত্বেও তেওঁ কেতিয়াও কক্ষচ্যুত হোৱা নাছিল আৰু ভক্তি আৰু সাহসেৰে জনযুদ্ধ আগবঢ়াই নিছিল। যাদৱৰ মতে, শ্বেৰ বাহাদুৰ দেউবা নেতৃত্বাধীন চৰকাৰখনে প্ৰচণ্ডৰ মূৰৰ দাম ঘোষণা কৰোঁতেও তেওঁ অলপো শংকিত হোৱা নাছিল ৷

 ‘সময়ে সময়ে, আমি তেওঁৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছিলোঁ। জনযুদ্ধৰ সময়ছোৱাত আমি জানিছিলোঁ যে নেপাল চৰকাৰ আৰু ইণ্টাৰপ’লে তেওঁৰ পাছত বেয়াকৈ লাগিছিল। কিন্তু এই কথাই সংগঠনত সক্রিয় ভূমিকা লোৱাৰ পৰা তেওঁক অকণো বিৰত ৰাখিব পৰা নাছিল।'

 যাদৱে কয় যে প্রচণ্ডই একমাত্র নেতা যি নিজৰ জীৱনৰ লগতে নিজৰ সন্তানৰ ভৱিষ্যতো সংগঠনৰ নামত উছৰ্গা কৰিছে।

 ‘প্ৰচণ্ডই নিজৰ সন্তানক উপযুক্ত শিক্ষা দিব নোৱাৰিলে আৰু জনযুদ্ধৰ বাবেই

তেওঁৰ জীয়াৰীকেইজনীক কম বয়সতে বিয়া দিব লগা হৈছিল ... কিন্তু ত্যাগ আৰু

১৮৫