পৃষ্ঠা:প্ৰচণ্ড.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ইফালে মাওবাদী আৰু সাতদলীয় মৰ্চাৰ সদস্যসকলৰ মাজত বাঢ়ি অহা মিলবোৰ ৰজা জ্ঞানেন্দ্ৰৰ চৰকাৰৰ নজৰত পৰে। ২০ জানুৱাৰীত প্ৰদীপ নেপাল, সুভাৰ নেমবাং, ৰামচৰণ মাহাত, চক্ৰপ্ৰসাদ বাষ্টোলা, খুন বাহাদুৰ খাদকা, মীনা পাণ্ডে আৰু লক্ষ্মণ ঘিমিৰেকে ধৰি ১০০গৰাকীতকৈও অধিক ৰাজনৈতিক নেতাক নেপাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অৱশ্যে নেপালী কংগ্ৰেছৰ সভাপতি গিবিজাপ্ৰসাদ কৈবালা আৰু ইউ এম এলৰ সাধাৰণ সম্পাদক মাধৱ কুমাৰ নেপালক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। ইতিমধ্যে চৰকাৰে সকলো ফোন সেৱা বন্ধ কৰি দিয়ে আৰু পৌৰসভাৰ নিৰ্বাচনৰ পূৰ্বে সাতদলীয় মৰ্চাই কাঠমাণ্ডুত আৰম্ভ কৰিব খোজা প্ৰতিবাদী কাৰ্যসূচী ব্যৰ্থ কৰিবৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে।

 ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত পৌৰসভাৰ নিৰ্বাচনত ভোটদানৰ হাৰ একেবাৰে কম হোৱা দেখা যায়। ভোটদানৰ হাৰ আছিল মাত্ৰ ২০ শতাংশ। উল্লেখযোগ্য যে দেশখনৰ প্ৰধান ৰাজনৈতিক দল আৰু মাওবাদীসকলে কেৱল এই নিৰ্বাচন বৰ্জন কৰাই নহয় তেওঁলোকে জনসাধাৰণক এই নিৰ্বাচনত অংশ নল’বলৈ আহ্বান জনাইছিল। আধাতকৈও বেছি অৰ্থাৎ ৪,১৪৬খন পৌৰসভাৰ আসনত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। নিৰ্বাচন বৰ্জন কৰাটো এটা ডাঙৰ সফলতা হিচাপে বিবেচিত হয়, কাৰণ ই প্ৰমাণ কৰে যে ৰাজনৈতিক দলবোৰ আৰু মাওবাদীৰ মাজত ঐকমত্য স্থাপিত হৈছে।

 অৱশ্যে মাওবাদীসকলে হঠাৎ নিৰাপত্তা বাহিনীৰ ওপৰত বিশেষকৈ নগৰ অঞ্চলত আক্ৰমণ তীব্ৰতৰ কৰি তোলাত সাতদলীয় মৰ্চাৰ অংশীদাৰ ৰাজনৈতিক দলবোৰে বিব্ৰতবোধ কৰে।

 জালানাথ খানালৰ মতে সাতদলীয় মৰ্চাৰ নেতাসকলে নতুন দিল্লীত প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰাইৰ সৈতে কেইবালানিও আলোচনা অনুষ্ঠিত কৰে আৰু তেওঁলোকক আক্ৰমণ অব্যাহত নাৰাখিবলৈ বাৰে বাৰে অনুৰোধ জনায়। কাৰণ তেওঁলোকৰ মতে এইধৰণৰ আক্ৰমণে জ্ঞানেন্দ্ৰৰ বিৰুদ্ধে আৰম্ভ কৰা শান্তিপূৰ্ণ আন্দোলনৰ প্ৰক্ৰিয়াক বিঘ্নিত কৰিব পাৰে।

 নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ৰজা জ্ঞানেন্দ্ৰৰ চৰকাৰক হেঁচা দিয়াৰ উদ্দেশ্যে এক বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ খুব সোনকালেই সাতদলীয় মৰ্চা আৰু মাওবাদী নেতাসকল সংগঠিত হ’বলৈ আৰম্ভ কৰে। মাৰ্চৰ মাজভাগত নতুন দিল্লীত ৰাজনৈতিক দল আৰু মাওবাদীৰ মাজত আন এখন চুক্তি স্বাক্ষৰিত হয়। প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰাইৰ উপৰি মহন্ত ঠাকুৰ, বামদেৱ গৌতম, জালানাথ খানাল আৰু কৃষ্ণপ্ৰসাদ চিটাউলাকে ধৰি আন ভালেকেইগৰাকী ৰাজনৈতিক নেতাই ছয়দফীয়া চুক্তিখনৰ চূড়ান্ত ৰূপ দিয়ে। নতুন চুক্তিপত্ৰখনৰ খচৰা খুব সূক্ষ্মভাৱে প্ৰস্তুত কৰা হয়। চুক্তিপত্ৰখনত জন আন্দোলনৰ আধাৰ নীতি গ্ৰহণৰ বিষয়ে উল্লেখ কৰা হয়।

১২৭