পৃষ্ঠা:প্ৰচণ্ড.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছিল। নেপালী কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিমলেন্দ্র নিধিয়ে কৈছিল—

‘অলিম্পিকৰ সামৰণি অনুষ্ঠান উপভোগ কৰাৰ বাবে প্রধান মন্ত্ৰী
চীনলৈ যোৱাৰ পৰিৱৰ্তে বানাক্ৰান্তসকলৰ সমস্যাৰ বুজ লোৱাৰ বাবে
চাৰি-পাঁচদিন খৰচ কৰিব লাগিছিল, যিসকলে পর্যাপ্ত পৰিমাণে সাহায্য
সামগ্ৰী পোৱা নাছিল।'

 চীন ভ্ৰমণ সামৰি নেপাললৈ উভতি অহাৰ পৰত প্ৰচণ্ড আৰু অধিক বিতৰ্কৰ মাজত সোমাই পৰিছিল। প্রধান মন্ত্ৰীৰ কাৰ্যালয়ে নতুন প্রধান মন্ত্ৰীৰ বাবে চীনত নির্মিত এখন বিলাসী বিছনা ক্রয় কৰে। মাওবাদী প্রধান মন্ত্ৰীজনৰ এই বিছনাখনৰ মূল্য আছিল ১,১০,০০০ তকৈ বেছি। নেপালৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিপ্লৱী প্ৰধান মন্ত্ৰীজনৰ ‘শোৱনি কোঠাৰ বিলাস’ক লৈ হুলস্থুল লগাই দিয়ে। ‘দ্য থাই ইণ্ডিয়ান নিউজ’ কাকতৰ এটা সংখ্যাত কোৱা হয়—

‘দহ বছৰতকৈও অধিক কাল সফলতাৰে জনযুদ্ধৰ নেতৃত্ব দিয়া মাওবাদী
প্রধানজনৰ মূলসুঁতিৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ জটিলতাবোৰ সঠিকভাৱে
চন্তালা কষ্টকৰ হৈ পৰা দেখা গৈছিল। নেপালৰ জনতাৰ গণৰাজ্যলৈ
ৰূপান্তৰ কৰাকে ধৰি দলৰ বিভিন্ন দাবী মানি লোৱা আৰু মাওবাদীৰ
পিপুলছ্ লিবাৰেশ্যন আর্মি (পি এল এ)ক নেপাল আৰ্মিৰ স’তে
একত্ৰিত কৰাটো প্ৰচণ্ডৰ বাবে জটিল হৈ পৰিছিল।'

 পি এল এক নেপাল আৰ্মিৰ সৈতে একত্ৰিকৰণ কৰি এটা নতুন ৰাষ্ট্ৰীয় সেনা বাহিনী গঠনৰ দাবী মানি লোৱাটো মাওবাদী নেতৃত্বাধীন মৰ্চা চৰকাৰৰ বাবে খুব টান হৈ পৰিছিল। বিষয়টোক লৈ বিৰোধী দল নেপালী কংগ্ৰেছে তীব্ৰ হেঁচা দিছিল।

 শ্বাহ বংশৰ অনুগত নেপাল আৰ্মিৰ বিষয়াসকলে পি এল এৰ সৈনিকসকলক নেপাল আর্মিত লোৱাৰ তীব্ৰ বিৰোধিতা কৰিছিল। আৰ্মিৰ বিষয়াসকলে বিশেষকৈ জেনেৰেল ৰুকমান্দওক কটোৱালে নেপাল আৰ্মিৰ ওপৰত অসামৰিক লোকৰ নিয়ন্ত্ৰণৰ দাবীক লৈ মুঠেও সন্তুষ্ট নাছিল।

 পি এল এক নেপাল আৰ্মিৰ স’তে একত্ৰিকৰণ কৰাৰ বিষয়টো চৰ্চিত হৈ থকাৰ মাজতে চীনে নেপালৰ সৈতে শক্তিশালী দ্বিপাক্ষিক সম্পর্ক গঢ়ি তোলাৰ আগ্ৰহ প্ৰকাশ কৰে। ২০০৮ চনৰ ডিচেম্বৰৰ পৰা ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহৰ এই সময়ছোৱাত বেইজিঙৰ এটা উচ্চপৰ্যায়ৰ প্রতিনিধি দলে উপহাৰৰ টোপোলাৰ সৈতে কাঠমাণ্ডু ভ্ৰমণলৈ আহে। আনহাতে নেপালৰ শতাধিক ৰাজনৈতিক, আমোলা আৰু সাংবাদিকক চীনলৈ বিনা-পইচাই প্ৰমোদ ভ্ৰমণলৈ নিয়া হয়।

 ২০০৮ চনৰ ১ ডিচেম্বৰত চীনৰ বিদেশমন্ত্রী য়াং জি চি নেপাল ভ্ৰমণলৈ আহি

১৮৮