পৃষ্ঠা:প্ৰচণ্ড.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শান্তি প্ৰক্ৰিয়াত বিলম্ব হোৱা দেখি কৈৰালা আৰু তেওঁৰ সহযোগী দলৰ নেতাসকল অধৈৰ্য হৈ পৰিল। গৃহমন্ত্ৰী চিটাউলাৰ নেতৃত্বত গঠিত তিনিজনীয়া মধ্যস্থতাকাৰী দলটোৱেও মাওবাদী বিদ্ৰোহীসকলক মূলসুঁতিলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিও বিশেষ সফলতা লাভ নকৰিলে।

 কৃষ্ণ বাহাদুৰ মাহাৰা, দেৱ গুৰুং আৰু দীননাথ শৰ্মাৰে গঠিত আলোচনাকাৰী দলটোৱে মাওবাদীসকলৰ লগত কেইবালানিও বৈঠকত মিলিত হোৱাৰ পাছতো শান্তি প্ৰক্ৰিয়াই বিশেষ অগ্ৰগতি লাভ নকৰিলে।

 ভাৰতবৰ্ষৰ পঞ্জাৱত অনুষ্ঠিত মাওবাদীসকলৰ এখন বৈঠকত সভাপতিত্ব কৰাৰ পাছত প্ৰচণ্ডই ২০০৬ চনৰ মে’ মাহৰ প্ৰথম সপ্তাহত বাবুৰাম ভট্টৰায়ৰ লগ লাগি বীৰগুঞ্জ হৈ নেপালত প্ৰৱেশ কৰে। তাৰ পাছত তেওঁ হেটাওদা আৰু তাৰ চুবুৰীয়া কিছুমান অঞ্চলত কেইবাটাও দলীয় কাৰ্যসূচীত উপস্থিত থাকে। সেই সময়ত যদিও প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ ৰাজনৈতিকভাৱে ক্ষমতাহীন হৈ পৰিছিল আৰু কৈৰালাই নেপালৰ শাসনভাৰৰ দায়িত্ব লৈছিল, তথাপি মাওবাদী নেতা প্ৰচণ্ডই আত্মগোপন কৰি আছিল। সাতদলীয় সংযুক্ত মৰ্চা চৰকাৰখনে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত সঠিক সিদ্ধান্ত লৈ সমাধানসূত্ৰ নুলিওৱা পৰ্যন্ত প্ৰচণ্ডই ৰাজহুৱা প্ৰেক্ষাপটলৈ আহিবলৈ অমান্তি হৈছিল।

 মাওবাদী বিদ্ৰোহীসকলে তেওঁলোকৰ দাবীক লৈ অটল হৈ আছিল। তেওঁলোকে ৰাজতন্ত্ৰৰ বিলোপ সাধন হোৱাটো বিচাৰিছিল আৰু ৰজা জ্ঞানেন্দ্ৰৰ হাতত নামমাত্ৰ ক্ষমতা থকাৰ বিষয়টোত মুঠেই সুখী নাছিল।

 ৰাজপ্ৰাসাদৰ পৰা বিতাড়িত আৰু ক্ষমতাচ্যুত ৰজা জ্ঞানেন্দ্ৰৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক ৰখাকে আৰম্ভ কৰি চৰকাৰৰ প্ৰতিটো কামকে মাওবাদী বিদ্ৰোহীসকলে সন্দেহৰ চকুৰে চাবলৈ ধৰিছিল। মাওবাদী বিদ্ৰোহীসকলে চৰকাৰৰ ওপৰত আৰোপ কৰা বিভিন্ন বিষয়ক অভিযোগ আৰু ওজৰ-আপত্তিয়ে শান্তি প্ৰক্ৰিয়াটোক অনিশ্চয়তাৰ ফালে ঠেলি দিছিল। মাওবাদী মুখপাত্ৰ মাহাৰাই ধানগাধিত দাবী কৰে যে ৰাজনৈতিক দলবোৰে ২৪ এপ্ৰিলত ৰজাৰ লগত চুক্তি কৰি তেওঁক সিংহাসনত বাহাল ৰখাৰ কথা দিছিল। মাহাৰাই লগতে অভিযোগ কৰে যে বিদেশী শক্তিসমূহেও ৰজা আৰু ৰাজনৈতিক দলবোৰক একত্ৰিত কৰি মাওবিদ্ৰোহীসকলক এঘৰীয়া কৰিবলৈ উঠিপৰি লাগিছে।

 এই সন্দৰ্ভত চিটাউলাই কয়—

‘গিৰিজা বাবুৱে (কৈৰালা) শান্তি প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰাত অধৈৰ্য
হৈ পৰিছিল। যিহেতু সমগ্ৰ বিশ্বই আমাক প্ৰত্যক্ষ কৰি আছে, তেওঁ
সেয়ে মাওবাদীসকলৰ সৈতে যিমান সোনকালে পাৰি সিমান
সোনকালে আলোচনা সমাপ্ত হোৱাটো বিচাৰিছে। কিন্তু আমি এইক্ষেত্ৰত

১৩৪