পৃষ্ঠা:প্ৰচণ্ড.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পি এল এ কামাণ্ডাৰ পাচাং আৰু বিপ্লৱ

তেওঁলোকক আক্ৰমণটোৰ লক্ষ্য সম্পৰ্কে একো কোৱা হোৱা নাছিল। জ্যেষ্ঠ কামাণ্ডাৰ দিবাকৰক আক্ৰমণৰ পৰিকল্পনাটো কাৰ্যকৰী কৰিবলৈ দায়িত্ব দিয়া হৈছিল। সম্ভৱতঃ গোটেই পৰিকল্পনাটো অধ্যক্ষ প্ৰচণ্ডই প্ৰস্তুত কৰিছিল।

 ৮ মাৰ্চৰ পৰা ১১ মাৰ্চৰ ভিতৰত পি এল এ কামাণ্ডাৰ দিবাকৰ আৰু পাচাঙে আক্ৰমণটো কিদৰে কৰা হ’ব তাৰ অধ্যয়ন কৰাৰ বাবে এটি আৰ্হি প্ৰস্তুত কৰি দুই উপদেষ্টা অগ্নি আৰু প্ৰভাতৰ লগত ৰণকৌশল প্ৰস্তুত কৰিছিল। দুয়োগৰাকী পি এল এ উপদেষ্টাই আছিল ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিক। এনেধৰণৰ অভিযান চলোৱাত দুয়োৰে দীৰ্ঘদিনীয়া অভিজ্ঞতা আছিল।

 ১২ মাৰ্চত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত পি এল এ সদস্যসকলে পূবদিশে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল। পি এল এ দলটো প্ৰকাণ্ড আছিল আৰু তাত প্ৰায় তিনি হেজাৰ যোদ্ধা আছিল। দলটো পৰিচালনাৰ সকলো দিশ— সৈনিক, বয়বস্তু আৰু খাদ্য সকলোতে চকু দিয়া হৈছিল। ভালেমান বিপ্লৱী সাংবাদিকো দলটোত আছিল। লগতে ওচৰৰ গাঁওবোৰৰ প্ৰায় ১২০০ স্বেচ্ছাসেৱকো দলটোত চামিল হৈছিল।

 ৰ’লপাৰ পৰা পি এল এ যোদ্ধাসকলে ৰুকুম হৈ বাগলুঙলৈ ৰাওনা হৈছিল। সেই যাত্ৰা অত্যন্ত বিপদসংকুল আছিল। তথাপি ১৯ মাৰ্চত দলটো গৈ মিয়াগদি জিলাৰ জলজলাত উপস্থিত হৈছিল। বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লৈ এইদৰে ইমান সংখ্যক সৈনিক পদব্ৰজে আগবাঢ়ি যোৱাটো অত্যন্ত দুৰূহ কাৰ্য আছিল। গোটেই পথছোৱাত

১০৭