পৃষ্ঠা:প্ৰচণ্ড.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাষ্ট্রদূত নেনচি জে পাৱেলে মাওবাদী নেতা প্ৰচণ্ডৰ সৈতে ১ মে'ত এক বৈঠকত মিলিত হয়। এয়া আছিল নেপালস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰু প্ৰচণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠক। পাৱেল আৰু প্ৰচণ্ডই দুয়োখন দেশৰ মাজত ভৱিষ্যতে হ'বলগীয়া সম্পৰ্কৰ বিষয়ত আলোচনা কৰিছিল। কাঠমাণ্ডুত মার্কিন দূতাৱাসৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছিল—

‘পাৱেলে বৰ্তমানৰ আমেৰিকা চৰকাৰখনে নেপালক আৰু অধিক
প্রগতিশীল, গণতান্ত্রিক আৰু স্থিতিশীল কৰাত সহায় কৰিবলৈ
আগবঢ়োৱা সাহায্য সন্দৰ্ভত এটা আভাস দিয়ে। নেপালেও এইক্ষেত্ৰত
আশ্বাস দিছে যে ইয়াৰ নতুন চৰকাৰখনে বৰ্তমানৰ সাহায্য প্রদানকাৰী
চুক্তিসমূহক সন্মান কৰিব আৰু কাৰ্যকাৰিতাৰ ক্ষেত্ৰত ইবিলাকৰ নিৰাপত্তা
সুনিশ্চিত কৰিব।'

 হিমালয়ৰ পাদদেশৰ ৰাষ্ট্ৰখনত ভাৰতবৰ্ষ, চীন আৰু আমেৰিকাই বিস্তাৰ কৰা প্ৰভাৱৰ কথা প্ৰচণ্ডই ভালদৰে অনুভৱ কৰিব পাৰিছে। তেওঁ এইক্ষেত্ৰত আশাবাদী যে এই সাহায্যকাৰী দেশসমূহে তেওঁৰ চৰকাৰক বিশেষকৈ অর্থনৈতিক দিশত সহায় কৰিব। প্ৰচণ্ডই ভাৰতবৰ্ষৰ ভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে চীনৰ সাম্যবাদী দলৰ লগত সু- সম্পর্ক স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছিল। এই প্ৰসংগত তেওঁ কয়—

‘জুন মাহত তেওঁলোকে (চীনৰ সাম্যবাদী দল) আমালৈ এখন চিঠি
প্ৰেৰণ কৰি আমাৰ দলৰ সৈতে তেওঁলোকে একধৰণৰ আনুষ্ঠানিক
সম্পর্ক স্থাপন কৰাৰ কথা প্রকাশ কৰে।'

 নেপালৰ একক সংখ্যাগৰিষ্ঠ দল হিচাপে চি পি এন (মাওবাদী) দলে নেপালত পৰৱৰ্তী চৰকাৰখন গঠন কৰাৰ সম্ভাৱনা প্ৰবল কৰি তুলিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ ভাতৃৱৎ সংগঠন চি পি আই (মাওবাদী) দলে নেপালৰ মাওবাদীসকলক নতুন চৰকাৰখনত যোগদান কৰা বা নেতৃত্ব নল’বলৈ সাৱধান কৰি দিছিল। এই সন্দৰ্ভত কমডে আজাদে কৈছিল—

‘চি পি আই (মাওবাদী) দলে বর্তমান নেপালৰ পৰিস্থিতিত
মাওবাদীসকলে তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলোধৰণৰ
প্রতিক্রিয়াশীল কর্ম-আঁচনিৰ বাধা নেওচি, দেশৰ জনতাৰ ওপৰত
নিৰ্ভৰ কৰি তেওঁলোকৰ ভূমি সংস্কাৰ আৰু সাম্ৰাজ্যবাদী,
ঔপনিৱেশকাৰীসকলৰ দমনমূলক শাসনৰ বিৰুদ্ধে যি বৈপ্লৱিক
আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল তাক আৰু আগুৱাই নিয়াৰ প্ৰবল
সম্ভাৱনা দেখা পাইছে। কিন্তু এইটো তেতিয়াহে সম্ভৱ হ'ব যদিহে

১৬৫