পৃষ্ঠা:প্ৰচণ্ড.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


২১
সংবিধান সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত

 সংবিধান সভাৰ ধাৰণাটো নেপালৰ ৰাজনৈতিক প্রেক্ষাপটত এটা নতুন ধাৰণা আৰু এই ধাৰণাটোক নেপালৰ ৰাজনৈতিক প্রেক্ষাপটলৈ অনাৰ কৃতিত্ব মাওবাদীসকলৰ বিশেষকৈ অধ্যক্ষ প্ৰচণ্ডৰ অৰিহণা অত্যন্ত গুৰুত্বপূৰ্ণ। মাওবাদী নেতাসকলে তেওঁলোকৰ বিপ্লৱৰ সময়ছোৱাত কিম্বা চৰকাৰৰে আলোচনাৰ কালছোৱাতো এই দাবীৰ ওপৰত অটল আৰু আঁকোৰগোঁজ আছিল। ২০০১ আৰু ২০০৩ চনত অনুষ্ঠিত আলোচনাৰ আকস্মিক সমাপ্তিৰ মূলতে আছিল চৰকাৰে মাওবাদীৰ দাবীৰ প্ৰতি প্ৰদৰ্শন কৰা অৱহেলাৰ মনোভাব ৷ চৰকাৰৰ আলোচনাকাৰী দলটোৱে তেওঁলোকৰ নতুন সংবিধান সভা গঠনৰ দাবীটোৰ পৰা পিছহঁহকি আছিল, যিহেতু নতুন সংবিধান ব্যৱস্থাটো ৰাজতন্ত্ৰৰ পৰিপন্থী আছিল।

 অৱশ্যে সংবিধান সভা- এই সংজ্ঞাটো সাধাৰণ জনতা বাদেই, নিৰ্বাচনৰ পাছতো ৰাজনৈতিক নেতাসকলৰ কাৰণেও বোধগম্য হোৱা নাছিল।

 আমোদজনকভাৱে ৰাণাবিৰোধী আন্দোলনৰ পাছতে ১৯৫০ চনত প্ৰথমবাৰৰ কাৰণে নেপালত সংবিধান সভাৰ দাবী উত্থাপন হৈছিল। কিন্তু এটা বৃহৎ ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত এই দাবীক আওকাণ কৰা হ’ল। কিন্তু গণযুদ্ধই পঞ্চায়তী ব্যৱস্থাৰ

১৫১