পৃষ্ঠা:প্ৰচণ্ড.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৌণ সমস্যা হিচাপেহে বিবেচিত হৈছিল।

 কাঠমাণ্ডুৰ পৰা দেশ শাসন কৰা চৰকাৰখনে ক’ৰ পৰা বিদ্ৰোহটো পৰিচালিত হৈছিল তাক প্ৰথমতে অনুধাৱন কৰিব পৰা নাছিল। এই সমস্যাটোক চৰকাৰে প্ৰথমে আইন-শৃংখলাৰ সমস্যা বুলিয়েই গণ্য কৰিছিল। কিন্তু অতি কম সময়ৰ ভিতৰতে তেওঁলোকে বুজিব পাৰিছিল যে প্ৰকৃততে মাওবাদী বিদ্ৰোহীসকলে পেৰুৰ উদিত পথ বিপ্লৱৰ পৰা অনুপ্ৰেৰণা পাইছিল। নেপালৰ মাওবাদী বিদ্ৰোহীসকলেও তেওঁলোকৰ দৰেই চৰকাৰী প্ৰশাসনকে ধৰি আন আন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

 এই বৰ্বৰ অভিযানৰ পাছতো চৰকাৰে মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ আহিবলৈ বাধ্য কৰিব নোৱাৰিলে। মাওবাদীসকলে ৰাজতন্ত্ৰ ওফৰাই এক সাম্যবাদী ৰাষ্ট্ৰ গঠনৰ দাবীত অটল হৈয়ে থাকিল। তেওঁলোকে প্ৰচণ্ডৰ নেতৃত্বত পৰ্যায়ক্ৰমে গ্ৰামাঞ্চল আৰু জিলা পৰ্যায়ত এক প্ৰাদেশিক চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিলে। সংগঠনৰ বৰ্ধিত কাম-কাজৰ লগতে আৰ্থিক নাটনি দূৰ কৰাৰ উদ্দেশ্যে এক ৰাজহ সংগ্ৰহ পদ্ধতি গ্ৰহণ কৰিছিল। বিদ্ৰোহীসকলে ধনী-জমিদাৰসকলৰ মাটি অধিগ্ৰহণ কৰি সেইবোৰ দৰিদ্ৰ, ভূমিহীন লোকৰ মাজত বিতৰণ কৰিছিল। সমবায় ভিত্তিত্ত কৃষিকাৰ্য কৰা পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়াত দুখীয়া ভূমিহীন কৃষকসকল বাৰুকৈয়ে উপকৃত হৈছিল। ক্ৰমাগতভাৱে নেপালৰ ভালেমান অঞ্চল মাওবাদীসকলৰ দখললৈ আহিছিল আৰু হেজাৰ হেজাৰ যুৱক-যুৱতী সশস্ত্ৰ বিদ্ৰোহত জঁপিয়াই পৰিছিল। এওঁলোকৰ ভিতৰত ভালেমান বিদ্ৰোহী আছিল কিশোৰ-কিশোৰী।

 অপাৰেশ্যন কিল’ চিৰা-২ৰ সময়ছোৱাত মাওবাদীসকলে কোনোধৰণৰ বৃহৎ প্ৰতি আক্ৰমণমূলক কাৰ্যত জড়িত হৈ পৰা নাছিল। সংগঠনটোৰ বিস্তৰ ক্ষতি ৰোধ কৰিবৰ নিমিত্তে মাত্ৰ তেওঁলোকে পুলিচ চকীসমূহত সৰু-সুৰা দুই-এক আক্ৰমণহে সংঘটিত কৰিছিল। প্ৰচণ্ডই এই সময়ছোৱাৰ ভিতৰত সংগঠনটোক ৰাজনৈতিক আৰু সামৰিক দিশত পুনৰ্গঠন কৰি অধিক সু-সংগঠিত কৰাৰ ওপৰতহে মনোনিৱেশ কৰিছিল। ২১ ছেপ্টেম্বৰৰ দিনা হঠাতে মাওবাদীসকলে ৰুকুমৰ মাহৎগাঁও আৰক্ষী চকীত অতৰ্কিতে আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত সাতজন পুলিচ কৰ্মীয়ে প্ৰাণ হেৰুৱায়। থুলে ৰায় নামৰ এগৰাকী আৰক্ষী অধীক্ষক মাওবাদীসকলে বন্দী কৰি লৈ যায় গেৰিলাসকলে লগতে বহুতো গুলী-বাৰুদ লুট-পাত কৰাৰ লগতে ২৭টা ৰাইফল হস্তগত কৰে। মাহৎগাঁও আৰক্ষী চকীত আক্ৰমণ কৰাৰ দুদিনৰ আগতে মাওবাদীসকে চলৱান জিলাৰ কটবাদা গাঁৱত হোৱা সংঘৰ্ষত ডাম্বাৰ জং চান্দ নামৰ এজন শীৰ্ষস্থানীয়

সৰ্বাধিনায়কক হেৰুৱাইছিল। এই হত্যাৰ প্ৰতিশোধ হিচাপে মাওবাদীসকলে আৰ

৫৬