পৃষ্ঠা:প্ৰচণ্ড.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অধিকাৰ সুৰক্ষা সমিতি’ (নেপালী পিপু’লছ ৰাইটছ প্ৰটেকশ্যন কমিটী)ৰ সদস্য। এতিয়া দুয়ো নেপালৰ মাওবাদী দলৰ সক্ৰিয় কৰ্মী।

 ১৯৯৩ চনৰ শেষৰফালে প্ৰচণ্ডই তেওঁৰ চিটৱানৰ পৰা পুৰণি বন্ধু ৰাম বাহাদুৰ থাপা ওৰফে বাদলক মধ্য-পশ্চিম নেপালৰ ৰ'লপা আৰু ৰুকুম জিলালৈ এক দীৰ্ঘম্যাদী সশস্ত্ৰ বিপ্লৱৰ এটা পটভূমি ৰচনা কৰিবলৈ পঠিয়াইছিল। তাত বাদলে এটা বাহিনীৰ প্ৰশিক্ষণ দিবলগীয়া হৈছিল। এজন প্ৰাক্তন গোৰ্খা সৈনিকৰ পুত্ৰ হিচাপে তেওঁৰ সামৰিক কৌশলৰ যথেষ্ট জ্ঞান আছিল।

 কিন্তু ১৯৯৪ চনৰ ২২ মে’ত ইউ পি এফ আদৰ্শগত পাৰ্থক্যৰ বাবে বিধানসভাত দুটা ভাগত বিভক্ত হৈছিল। দুমাহৰ পাছত, কৈৰালাই সংসদ ভংগ কৰি মধ্যকালীন নিৰ্বাচনৰ বাট মুকলি কৰি দিয়ে।

 ইউ পি এফৰ এই বিভাজনক কেন্দ্ৰ কৰি চি পি এমে হিংসাত্মক কাৰ্যই দেশলৈ এক পৰিৱৰ্তন আনিব নে নাই এই বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মল লামা আৰু প্ৰচণ্ড দলত বিভক্ত হয়, য'ত বাবুৰাম ভট্টৰায়ে প্ৰচণ্ড গোটৰ নেতৃত্ব লৈছিল। ইউ পি এফৰ দুয়োটা গোটে নিৰ্বাচনী আয়ুক্তৰ ওচৰত দলৰ নিৰ্বাচনী প্ৰতীক বিচাৰি আৱেদন কৰে। শেষত নিৰ্মল লামাৰ দলে স্বীকৃতি লাভ কৰে। ইয়াত অসন্তুষ্ট হৈ নিৰ্বাচন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

 ৰাজনৈতিক পটভূমিৰ উপৰি সেই সময়ত প্ৰচণ্ডৰ পৰিয়ালত এক ধুমুহাই জোকাৰি গৈছিল। তেওঁৰ মাতৃ ভৱানী কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ কাঠমাণ্ডুৰ ডাউন টাউনৰ ‘বীৰ হাস্পতাল’ত চিকিৎসাধীন হৈ থাকে। ফলত প্ৰচণ্ড আৰু তেওঁৰ ভাতৃ গংগাৰামে প্ৰায় এমাহ তেখেতক চোৱা-চিতা কৰিবলগীয়া হৈছিল। তেওঁৰ ভগ্নী অপ্সৰাই কৈছিল—

‘ব্যস্ততা সত্ত্বেও তেওঁ (প্ৰচণ্ড) গোটেই দিন নিজ মাতৃৰ যত্ন ল’বলৈ
হাস্পতালত আছিল। তেওঁৰ বন্ধুবিলাকেও তেখেতক বচাবলৈ ৰক্তদান
কৰিছিল।’

 কিন্তু বীৰ হাস্পতালতে ভৱানী দাহালে শেষ নিশ্বাস ত্যাগ কৰিছিল। পুলিচে প্ৰচণ্ডক বিচাৰি থকাৰ বাবে তেওঁ শেষকৃত্য সমাপন কাৰ্যত ভাগ ল'ব নোৱাৰিলে। তেওঁৰ সৰু ভায়েকে অন্তিম সৎকাৰৰ ধৰ্মীয় কাম-কাজবিলাক সম্পাদন কৰিছিল। ১৯৯৪ চনৰ নৱেম্বৰ মাহত মনমোহন অধিকাৰী নেতৃত্বাধীন সাম্যবাদী চৰকাৰে শপত গ্ৰহণ কৰে। তেওঁ এছিয়াৰ এখন ৰজাৰ দ্বাৰা শাসিত ৰাজ্যৰ প্ৰথম সাম্যবাদী দলৰ প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ এক নতুন অধ্যায়ৰ সূচনা কৰে। সেই বছৰৰে ডিচেম্বৰ মাহৰ শেষৰফালে চি পি এনৰ প্ৰচণ্ডৰ গোটটোৱে এখন স্মাৰকপত্ৰ দাখিল কৰে, য’ত তেওঁলোকে জাতীয়তাবাদ আৰু সাধাৰণ মানুহৰ দৈনিক প্ৰয়োজনকে ধৰি

বহুতো দাবী সন্নিৱিষ্ট কৰে। যদিও মনমোহন অধিকাৰীয়ে দাবীসমূহ বিচাৰ কৰাৰ

৪৬