পৃষ্ঠা:প্ৰচণ্ড.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অংশগ্ৰহণ কৰিছিল। প্ৰতিবাদকাৰী জনতাই ৰজা জ্ঞানেন্দ্ৰৰ একনায়কত্ববাদী শাসনৰ অবসানৰ লগতে গৃহযুদ্ধৰ সমাপ্তি বিচাৰিছিল। কিন্তু ৰাজতান্ত্ৰিক চৰকাৰখনে অতিশয় নৃশংসতাৰে আৰু বল প্ৰয়োগেৰে প্ৰতিবাদী কাৰ্যসূচী দমন কৰিবলৈ চেষ্টা চলাইছিল। প্ৰায় প্ৰতিদিনেই, নেপাল পুলিচ আৰু সশস্ত্ৰ পুলিচ বাহিনীৰ জোৱান লাঠীচালনা তথা গুলীচালনাত লিপ্ত হৈছিল। ৰাজধানীত ৰাজতন্ত্ৰবিৰোধী প্ৰতিবাদী কাৰ্যসূচীসমূহ সামাকুছি, গংগাবু, বসুন্ধৰা, কলংকি, চবাহিল, পটনধোকা, সোণধৰা, টংগাল আৰু লঙানখেলৰ দৰে কৌশলগত দিশৰ পৰা সুবিধাজনক স্থানসমূহত ৰূপায়ণ কৰা হৈছিল। শীঘ্ৰেই প্ৰবল ৰূপ ধাৰণ কৰা প্ৰতিবাদটোৱে ‘জন আন্দোলন’ৰ অভিধা লাভ কৰিছিল।

 এপ্ৰিলৰ ১১ তাৰিখে কাঠমাণ্ডুৰ গংগাবুত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত পোনপ্ৰথমবাৰৰ বাবে সংঘৰ্ষ হৈছিল। নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলীবৰ্ষণ কৰিছিল৷ অৱশ্যে গুলী আৰু দমনমূলক ব্যৱস্থাই আন্দোলনৰ উদ্যম অকণো হ্ৰাস কৰিব পৰা নাছিল।

 জন আন্দোলনৰ মাজতে আন্দোলনকাৰীসকলক উৎসাহ যোগাবৰ বাবে প্ৰচণ্ডই এটা বিবৃতি দিছিল। মাওবাদী নেতাজনে কৈছিল যে এই প্ৰতিবাদ এতিয়া মাথোঁ বিৰোধী দলৰেই প্ৰতিবাদ হৈ থকা নাই, বৰঞ্চ ই জন আন্দোলনত পৰিণত হৈছে। তেওঁ বিদ্ৰোহক নেতৃত্ব দান কৰিবৰ বাবে কাঠমাণ্ডুলৈ আহিব পাৰে বুলিও সতৰ্ক কৰি দিছিল।

 প্ৰতিটো পুৱাতেই প্ৰতিবাদী সভাবিলাকৰ বক্তাসকলে কৈছিল যে মাওবাদী নেতাজনে নিজৰ কাম কৰি আছে আৰু যিকোনো মুহূৰ্তত তাত চামিল হ’ব পাৰে। দৰাচলতে, প্ৰচণ্ডৰ কাঠমাণ্ডু আগমন তথা আন্দোলনৰ নেতৃত্ব প্ৰদানৰ ভাবুকিয়ে আন্দোলনটোৰ শক্তি বৃদ্ধি পোৱাত বিশেষ প্ৰভাৱ পেলাইছিল। নেপালৰ দূৰৱৰ্তী ৰ’লপা-ৰুকুমত অৱস্থিত মাওবাদীৰ সদৰস্থানৰ পৰা আন্দোলনটো পৰিচালনা কৰিবলৈ জটিল আছিল বাবে প্ৰচণ্ড সেই সময়ত নতুন দিল্লীত আছিল। জালানাথ খানালে এই সম্পৰ্কে কয়—

‘জন আন্দোলনৰ সময়ত প্ৰচণ্ড দিল্লীত আছিল আৰু মই প্ৰায়েই নিতৌ
দুই-তিনিবাৰ লগ কৰিছিলোঁ। জন আন্দোলনৰ প্ৰতিটো দিশৰ বিষয়েই
আমি আলোচনা কৰিছিলোঁ। অৱশ্যে, কাঠমাণ্ডুত থাকি আন্দোলনটো
পৰিচালনা কৰা কোনো আঁচনিৰ কথা মোৰ মনত নপৰে।’

 জন আন্দোলনটো তীব্ৰতৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত যেতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগা হৈছিল, নেপালৰ ৰাজনৈতিক দলবিলাকৰ নেতৃবৃন্দই নতুন দিল্লীৰ বিভিন্ন ঠাইত ঘণ্টাৰ পাছত ঘণ্টাজুৰি আলোচনাত মিলিত হৈছিল। খানালে কয়—

‘জন আন্দোলনৰ সময়ত যেতিয়াই নেপালত সংকট সৃষ্টি হৈছিল,
আমি (প্ৰচণ্ডকে ধৰি) যুদ্ধকালীন ক্ষিপ্ৰতাৰে আলোচনাত বহিছিলোঁ

১২৯