পৃষ্ঠা:প্ৰচণ্ড.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিলোপ সাধন কৰাৰ পাছত ১৯৯০ চনত এই দাবী পুনৰ উত্থাপিত হ’ল। অৱশ্যে এই দাবীক নেপালী কংগ্ৰেছৰ মুখ্য নেতা গণেশ মানসিঙে মষিমূৰ কৰিবলৈ সক্ষম হয়। তেওঁ ১৯৯০ চনৰ আন্দোলনটোৰ নেতৃত্ব দিছিল আৰু তেওঁ এই দাবীক সময়োপযোগী নহয় বুলি এৰাই চলিবলৈ সক্ষম হৈছিল।

 ৰজা জ্ঞানেন্দ্ৰৰ পাছত ২০০৪ চনত নেপালৰ প্ৰধান মন্ত্ৰী হিচাপে দায়িত্বভার গ্রহণ কৰা শ্বেৰ বাহাদুৰ দেউবাই সংবিধান সভাৰ নিৰ্বাচনৰ দাবী বিষয়ত কিছু নমনীয়তা প্ৰদৰ্শন কৰে। তেওঁ দোহাৰিছিল যে বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰজুৰি সকলোৰে সহমত থাকিলে বিষয়টো বিবেচনা কৰি চাব পাৰি। পৰৱৰ্তী সময়ত মাওবাদীসকলে নতুন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ নিমিত্তে এখন সংবিধান সভাৰ দাবী উত্থাপন কৰিলে। বিষয়টো সন্দৰ্ভত বহুলানি তর্ক-বিতর্ক হয়। মাত্ৰ কেইটামান ৰাজনৈতিক শক্তিয়েহে তেতিয়া সংবিধান সভাৰ সপক্ষে মতপ্ৰকাশ কৰে।

 ২০০৫ চনত নতুন দিল্লীত মাওবাদী আৰু সাতদলীয় মৰ্চাৰ মাজত স্বাক্ষৰিত ঐতিহাসিক ১২ দফীয়া চুক্তিত অৱশ্যে সংবিধান সভাৰ দাবীটোৱে ঠাই পাবলৈ সক্ষম হয়। ৰাজনৈতিক দলবোৰে নেপালত ৰজা জ্ঞানেন্দ্ৰৰ প্ৰত্যক্ষ শাসনৰ অন্ত পেলাই গণতন্ত্র প্রতিষ্ঠা কৰিবলৈ অনিচ্ছুক আছিল যদিও মূৰকত মাওবাদীসকলৰ দাবীক মানি লৈ চুক্তিত স্বাক্ষৰ কৰে। চুক্তিখনৰ ২নং দফাত কোৱা হয়—

‘সাতটা প্রতিবাদী দল এই কথাৰ প্ৰতি সম্পূর্ণ দায়বদ্ধ যে বিদ্রোহী
শক্তিসমূহৰ বিদ্ৰোহী শক্তিসমূহৰ সৈতে লগ লাগি সংসদীয় ব্যৱস্থা
ঘূৰাই আনি গণতন্ত্র স্থাপন কৰা হ’ব আৰু মাওবাদীসকলৰ সৈতে
আলোচনা আৰু বুজাবুজিৰ ভিত্তিত সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত
কৰি এখন চূড়ান্ত ক্ষমতাসম্পন্ন সৰ্বদলীয় চৰকাৰ গঠন কৰাৰ লগতে
ৰাষ্ট্ৰৰ ক্ষমতা সম্পূৰ্ণৰূপে জনতাৰ হাতলৈ হস্তান্তৰিত কৰা হ’ব।’

 মাওবাদীসকলে দাবী কৰি অহা সংবিধান সভা গঠনৰ প্ৰস্তাৱটো অৱশেষত বাস্তৱায়িত হোৱাৰ পৰিৱেশ দেখা গ'ল। ২০০৬ চনৰ ১৬ জুনৰ দিনা নেপালৰ গৃহমন্ত্ৰীয়ে প্রচণ্ডক নিৰাপত্তাৰ আৱেষ্টনীৰ মাজেৰে প্ৰধান মন্ত্ৰী গিৰিজাপ্রসাদ কৈৰালাৰ ওচৰলৈ লৈ যায়। কৈৰালাৰ সৈতে তেওঁ এখন আঠদফীয়া চুক্তিত স্বাক্ষৰ কৰে। দুর্ভাগ্যবশতঃ প্রতিশ্রুতি মতে ৰাজনৈতিক দলসমূহ আৰু মাওবাদীসকলে ২০০৬ চনৰ ভিতৰত সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে যি প্রত্যাশা কৰিছিল সি সম্ভৱ হৈ নুঠিল। আনকি ২০০৭ চনতো নির্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল। তদুপৰি টেৰাই প্ৰদেশত স্থানীয় ৰাজনৈতিক দলসমূহে স্বায়ত্তশাসনৰ যি দাবী তুলিছিল সিও নিৰ্বাচনৰ সম্ভাৱনাক অনিশ্চয়তাৰ ফালে ঠেলি দিছিল।

১৫২