পৃষ্ঠা:প্ৰচণ্ড.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গঢ়াৰ নিমিত্তে আমি পুৰুষ আৰু মহিলা উভয়ৰে মাজত এক নতুন
সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলোঁ।’

 জনযুদ্ধৰ সময়ছোৱাত প্ৰচণ্ডৰ পত্নীয়ে ৰ'লপা আৰু ৰুকুম জিলাৰ পিছপৰা অঞ্চলৰ মহিলাসকলৰ সবলীকৰণ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। এই বিষয়ত তেওঁ বিশেষ অভিজ্ঞতা নাছিল। ইয়াৰ আগতে মাত্ৰ ভীমসেনস্থিত শহুৰেকৰ ঘৰত থাকোঁতে মহিলা সমিতিৰ অধীনত গাঁৱৰ মহিলাসকলক সংগঠিত কৰাৰহে অলপ-অচৰপ অভিজ্ঞতা অৰ্জন কৰিছিল। এই অভিজ্ঞতা সন্দৰ্ভত তেওঁ কয়—

‘নেপালৰ গ্ৰামাঞ্চলৰ মহিলাসকলে শতিকাজুৰি নিজৰ প্ৰাপ্য অধিকাৰৰ
পৰা বঞ্চিত হৈ আহিছে। মোৰ গাঁৱত জন্ম হৈছিল। তিনিটা কন্যা
সন্তানৰ মাতৃ হিচাপে মই ভালদৰে বুজি পাওঁ নেপালী মহিলাৰ জীৱন
কিমান কষ্টকৰ। প্ৰচণ্ডই সদায় মহিলাক সমান অধিকাৰ দিয়াৰ হকে
মাত মাতি আহিছে।’

 সাম্যবাদী দৰ্শনৰ নীতিসমূহ আগত ৰাখি প্ৰাৰম্ভিক অৱস্থাত দলৰ লগতে সামৰিক সংগঠনটোত মহিলাৰ অন্তৰ্ভুক্তিৰ কাম-কাজ দিনক দিনে বাঢ়িবলৈ ধৰিলে। সাধাৰণতে ৩৫-৪০ জনীয়া পুৰুষৰ গোটটোত দুগৰাকীকৈ মহিলা সদস্যা অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁলোকে সাধাৰণতে বাৰ্তাবাহক আৰু গুপ্তচৰ হিচাপে সংগঠনৰ হৈ কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকেও সামৰিক অভিযানত সক্ৰিয় অংশগ্ৰহণ কৰিছিল আৰু সৈন্যদলৰ নেতৃত্বৰ দৰে উচ্চপদত নিয়োজিত হ’বলৈ সক্ষম হৈছিল। মাওবাদী দখলাধীন প্ৰত্যেক গাঁৱতে মহিলা সবলীকৰণৰ আঁচনি লোৱা হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে গাঁওসমূহত মহিলা বিদ্ৰোহীৰ অন্তৰ্ভুক্তিৰে কিছুমান সমিতি গঠন কৰা হৈছিল।

 মাওবাদী বিদ্ৰোহীৰ বৰ্ধিত কাৰ্যকলাপে চৰকাৰক অস্বস্তিত পেলাইছিল। ২০০১ চনত নেপালৰ ৰজা বীৰেন্দ্ৰই বিদ্ৰোহ প্ৰতিৰোধ কৰিবলৈ সশস্ত্ৰ পুলিচ বাহিনী গঠন কৰিবলৈ এক অধ্যাদেশ জাৰি কৰে। দ’লপা, দুনাই আদিকে ধৰি ভিন্ন আৰক্ষী চকীত মাও বিদ্ৰোহীয়ে সংঘটিত কৰা ভয়াৱহ আক্ৰমণৰ প্ৰতিকাৰস্বৰূপে চৰকাৰে এনে সশস্ত্ৰ বাহিনী গঠন কৰিবলৈ বাধ্য হৈছিল। আই জি পি কৃষ্ণমোহন শ্ৰেষ্ঠাক মুখ্য বিষয়া হিচাপে নিয়োগ কৰি ২০০১ চনৰ ২৪ অক্টোবৰ তাৰিখে নেপাল চৰকাৰে এই সশস্ত্ৰ বাহিনী গঠন কৰে। গঠনৰ কেইমাহমানৰ ভিতৰতে সশস্ত্ৰ পুলিচ বাহিনীৰ সৈনিকবিলাকক সমগ্ৰ নেপালতে উগ্ৰপন্থীবিৰোধী অভিযানত নিয়োগ কৰে।

৬৬