পৃষ্ঠা:প্ৰচণ্ড.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে মাওবাদী বিদ্ৰোহীসকলে চিন্দুলীৰ এটা আৰক্ষী চকীত আক্ৰমণ চলাই ৪৯গৰাকী আৰক্ষীক হত্যা কৰে। কমিউনিষ্ট গেৰিলাসকলে লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু গুলী-বাৰুদ লুটি লৈ যায়। নতুন ৰণ-কৌশল লোৱাৰ পাছতেই পি এল এ বিদ্ৰোহীসকলে পশ্চিম নেপালৰ অৰ্ঘাখানচিত জিলাৰ সদৰ চানবিখৰকা নিজৰ দখললৈ আনে। লাহে লাহে কাঠমাণ্ডুৰ ফালে আগবাঢ়ি যোৱাৰ লক্ষ্যৰেই অৰ্ঘাখানচিত আক্ৰমণ চলোৱা হৈছিল। চাৰি ঘণ্টাজুৰি চলা ভয়ানক সংঘৰ্ষৰ অন্তত ৬০জন নিৰাপত্তাৰক্ষী জোৱানে প্ৰাণ হেৰুৱাইছিল। মাওবাদী বিদ্ৰোহীসকলে এটা চ’ল্ডাৰ প্ৰপেলদ ৰকেট লান্সাৰ, এটা এল এম জি, দুটা ইঞ্চ মৰ্টাৰ, ৩৬ এছ এল আৰ, ৭২টা পইণ্ট ৩০৩ ৰাইফল, ১৫টা এম এম জি, চাৰিটা শ্বটগান, পাঁচটা মেচিনগান ৰাইফল, কিছুসংখ্যক গ্ৰেনেড, চাৰিটা পইণ্ট ২২ ৰাইফল, ১৩ পিষ্টল আৰু ছটা ৰাইফল নিজৰ দখললৈ নিয়ে।

 এই আক্ৰমণত আৰক্ষী থানা, সেনা ছাউনী আৰু মুখ্য জিলা বিষয়াৰ কাৰ্যালয়টো সম্পূৰ্ণৰূপে ধ্বংস হয়। বিদ্ৰোহীসকলে তাৰ এটা বেংকৰ পৰা ৪৮৫ কোটি টকা আৰু ২০ কিলোগ্ৰাম সোণ লুটি নিয়ে।

 ধাৰাবাহিক মাওবাদী আক্ৰমণত বিধ্বস্ত হৈ, দেউবাই উপলব্ধি কৰিলে যে নিৰ্ধাৰিত তাৰিখ ১৩ নৱেম্বৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব। সেইকাৰণে ১ অক্টোবৰত, তেওঁ ৰজা জ্ঞানেন্দ্ৰক এবছৰৰ কাৰণে সাধাৰণ নিৰ্বাচন স্থগিত ৰাখিবলৈ আৱেদন জনায়। কিন্তু আৱেদন জনোৱাৰ তিনিদিন পাছত, ৪ অক্টোবৰত ৰজা জ্ঞানেন্দ্ৰই দেউবাক এজন ‘অৰ্হতাহীন প্ৰধান মন্ত্ৰী’ বুলি অভিহিত কৰি বৰ্খাস্ত কৰে আৰু কাৰ্যপালিকাৰ ক্ষমতা নিজৰ হাতলৈ নিয়ে।

৮৪