পৃষ্ঠা:প্ৰচণ্ড.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আঁতৰৰ নতুন ঠাই এখনলৈ যোৱা কথাটো মুখেৰে কোৱা যিমান সহজ, কৰাটো সিমান সহজ নহয়। প্ৰায় এশ বছৰ ধৰি তেওঁলোকৰ পূৰ্বপুৰুষে বাস কৰা এই সৰু গাঁওখনৰ লগত গভীৰ আৱেগ বিজড়িত হৈ আছিল। কিন্তু তেওঁলোকৰ হাতত কোনো বিকল্প পথ খোলা নাছিল। সেয়ে তেওঁলোকে কাস্কিৰ দক্ষিণ-পূবৰ চিটৱান জিলাৰ ভীমসেন নগৰলৈ যাবলৈ ঠিক কৰিলে। গাঁওখন (শিৱনগৰ অঞ্চলৰ) নাৰায়ণগড়-ভাৰতপুৰৰ পৰা ১৪ কিলোমিটাৰ দক্ষিণে অৱস্থিত।

 চিটৱান গৈ পাওঁতে পৰিয়ালটোৰ ১১ দিন লাগিছিল। কাৰণ যাওঁতে তেওঁলোকে লগত গৰু-ম’হবোৰ লৈ গৈছিল। কণ কণ ল’ৰা-ছোৱালী লগত লৈ খোজকাঢ়ি অহা গোটেই যাত্ৰাটো আছিল ভীষণ কষ্টকৰ। পাহাৰীয়া ৰাস্তাৰে আহি থাকোঁতে তেওঁলোক বিভিন্ন ঠাইত ৰ’বলগীয়া হৈছিল। এই সন্দৰ্ভত কুলপ্ৰসাদে কয়—

‘আমি ভীমসেন নগৰলৈ গুচি আহিছিলোঁ, কাৰণ তাত কম দামত মাটি
পাইছিলোঁ। তদুপৰি চিটৱানৰ যোগাযোগ ব্যৱস্থা তুলনামূলকভাৱে ভাল
আছিল। কাস্কিৰ বিভিন্ন গাঁৱৰ পৰা ভালেমান মানুহ অঞ্চলটোলৈ
আহিছিল। কিন্তু আমি যিখন গাঁৱলৈ আহিছিলোঁ তালৈ খুব কম মানুহ
আহিছিল কাৰণ গাঁওখনলৈ যাবলৈ কোনো ৰাস্তা নাছিল, চৌপাশ
আছিল ঘন অৰণ্যৰে৷ আৱৰা।

 তালৈ অহাৰ প্ৰথম তিনি বছৰ মুক্তিৰাম আৰু কুলপ্ৰসাদৰ পৰিয়ালটো এটা অস্থায়ীকে সজা সৰু ঘৰত আছিল। স্থায়ীকৈ ভাল ঘৰ সাজিবলৈ তেওঁলোকৰ সেই সময়ত টকা নাছিল। দুয়োটা পৰিয়ালে বেলেগে বেলেগে খোৱা-বোৱা কৰিছিল যদিও পৰিয়াল দুটাৰ সম্পৰ্ক কিন্তু অতি ঘনিষ্ঠ আছিল। বিশেষকৈ কুলপ্ৰসাদৰ পত্নী দেউৰূপাৰ লগত ভৱানীৰ খুব ঘনিষ্ঠতা আছিল।

 এজন ভায়েক আৰু তিনিজনী ভনীয়েকৰ সৈতে চিটৱানলৈ অহাৰ সময়ত ছবিলালৰ বয়স আছিল আঠ বছৰ। তাতেই গাঁৱৰ এখন স্কুলত তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয়। এটি দুখীয়া ব্ৰাহ্মণ পৰিয়ালৰ ডাঙৰ ল’ৰা হিচাপে ছবিলাল বেছ পৰিশ্ৰমী আৰু মিতব্যয়ী আছিল। লগতে তেওঁ অতি বুজন আৰু নম্ৰ-ভদ্ৰ আছিল। মাক-দেউতাকক তেওঁ কেতিয়াও দিগদাৰ দিয়া নাছিল।

 লিৱাদিৰ দৰে ভীমসেন সেই সময়ত ডাঙৰ গাঁও নাছিল। খোৱাপানী যোগান, চিকিৎসা ব্যৱস্থাৰ দৰে ন্যূনতম সেৱাবোৰৰো গাঁওখনত অভাৱ আছিল। আনকি আজিও ভৰতপুৰ পৌৰসভাৰ পৰা গাঁওখনলৈ আধা ৰাস্তা কেঁচা। গাঁৱৰ বেছিখিনি মানুহেই দুখীয়া আৰু তেওঁলোক খেৰৰ ঘৰত থাকে। জীৱিকা-নিৰ্বাহৰ বাবে তেওঁলোকে পথাৰত ঘেঁহু, গোমধান আৰু ধানখেতি কৰে। দাহাল পৰিয়ালৰ ল’ৰা-ছোৱালীৰ

১৯