পৃষ্ঠা:প্ৰচণ্ড.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাষ্ট্ৰপতি হোৱাটো বিচাৰিছিল। দুয়োটা দলৰ নেতা দুজনৰ মাজত কিবা বিদ্বেষ আছিল এনে নহয়। প্রকৃততে প্রচণ্ডই কৈৰালাৰ প্ৰতি যথেষ্ট সম্মান প্রদর্শন কৰিছিল। প্রধান মন্ত্রীজনে মাওবাদীসকলক দিয়া কথাৰ মূল্য ৰাখিলে। কথা দিয়ামতেই তেওঁ সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে আৰু সকলোবোৰ বাধা অতিক্ৰম কৰি নেপালৰ শান্তি প্রক্রিয়াটোক আগবঢ়াই নিলে। তেওঁ কৈৰালাৰ প্ৰসংগত কয়—

 ‘এই মুহূৰ্তত মই আটাইতকৈ সন্মান প্ৰদৰ্শন কৰা নেতা-ব্যক্তিজনেই হ'ল তেওঁ (কৈৰালা)।’

 ৰাষ্ট্ৰপতিৰ পদটো যিমানে আড়ম্বৰপূৰ্ণ নহওক কিয়, এই পদটোক লৈ কৈৰালাৰ দৰে চতুৰ ৰাজনৈতিক খেলুৱৈ এজনে যিধৰণে অদক্ষ আচৰণ কৰিছিল তাত প্ৰচণ্ডই ভীষণ অস্বস্তি অনুভৱ কৰিছিল। এনেধৰণৰ ৰাজনৈতিক বিতৰ্কৰ ফলত ৰাজতন্ত্ৰৰ অৱসান ঘটাবলৈ সংবিধান সভাৰ প্ৰথমখন ঐতিহাসিক বৈঠক অনুষ্ঠিত কৰাত যথেষ্ট পলম হৈছিল। মে’ মাহৰ ২৮ তাৰিখৰ আবেলিলৈকে দলবিলাকৰ মাজত চলা খকা- খুন্দা অব্যাহত আছিল। দেশখনৰ ৰাজনৈতিক দলবোৰৰ কাৰণে কথাটো অস্বস্তিকৰ হৈ পৰিছিল কাৰণ সমগ্ৰ বিশ্বই নেপালৰ ৰাজনৈতিক প্রেক্ষাপটত সকলো ঘটনা প্রত্যক্ষ কৰিছিল আৰু নেপালত জন্ম হ’বলগীয়া বিশ্বৰ কনিষ্ঠতম প্রজাতান্ত্ৰিক ৰাষ্ট্ৰখনৰ জন্মৰ প্ৰক্ৰিয়াটো পৰ্যৱেক্ষণ কৰি আছিল।

 বহুতো এৰাধৰাৰ মাজত অৱশেষত মে’ মাহৰ ২৮ তাৰিখে নিশা সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয় আৰু এই বৈঠকতে নেপালক এখন ধৰ্মনিৰপেক্ষ গণতান্ত্রিক-প্রজাতন্ত্র হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। প্রধান মন্ত্ৰী কৈৰালাই সংবিধান সভাৰ প্ৰথমখন বৈঠকত ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণ প্রসংগত কয় যে দেশখনক প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ তেওঁৰ যি সপোন আছিল সেয়া নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ লগে লগেই ফলৱতী হ’ল। সংবিধান সভাই নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ লগে লগেই ৰজা জ্ঞানেন্দ্ৰ আৰু তেওঁৰ পৰিয়াল নেপালৰ সাধাৰণ মানুহৰ শাৰীলৈ অৱনমিত হয়। আৰু ইয়াৰ লগে লগেই নেপালত শ্বাহ সাম্ৰাজ্যৰ ২৩৯ বছৰ পুৰণি শাসনৰ অৱসান ঘটে। সংবিধান সভাই ৰজা জ্ঞানেন্দ্ৰ আৰু তেওঁৰ পৰিয়ালক ১৫ দিনৰ ভিতৰতে শ্বাহ সাম্ৰাজ্যৰ দুৰ্গ নাৰায়ণহিটি ৰাজপ্রাসাদ এৰি যাবলৈ নিৰ্দেশ দিয়ে।

{[gap}}সংবিধান সভাৰ স্থান বীৰেন্দ্ৰ ইণ্টাৰনেশ্যনেল কনভেনছন চেণ্টাৰ (বি আই চি চি)ৰ

সন্মুখত সংঘটিত হোৱা বোমা বিস্ফোৰণকো আওকাণ কৰি নেপালক এখন গণৰাজ্য হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তক আদৰণি জনাবলৈ হেজাৰ হেজাৰ লোক শোভাযাত্রা কৰি কাঠমাণ্ডুলৈ ৰাওনা হয়।

১৬৭