পৃষ্ঠা:প্ৰচণ্ড.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। ২০০৪ চনত মাওবাদী বিদ্রোহীয়ে বীগঞ্জৰ মেয়ৰ গোপাল গিৰিক তেওঁলোকে দাবী কৰা ৫০০,০০০ টকা দিবলৈ অস্বীকাৰ কৰাৰ বাবে হত্যা কৰিছিল। পুনৰ ছমাহ পাছত জুলাই মাহত পোখৰা মিউনিচিপালটিৰ অন্য এজন মেয়ৰ হৰ্ক বাহাদুৰ গোৰাং একে কাৰণতে অনুৰূপ ঘটনাৰ বলি হ’বলগীয়া হৈছিল৷ এই সন্দৰ্ভত ‘নেপাল সমাচাৰপত্ৰ’ৰ সম্পাদকীয়ত লিখা হৈছিল এনেদৰে—

‘নিশ্চিতভাৱেই তেওঁলোকে একদলীয় একনায়কত্ববাদ প্ৰতিষ্ঠাৰ কাৰণে
প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। তেওঁলোকে লাগিলে যিমানেই গণতন্ত্রক
সমৰ্থন কৰাৰ কথা নকওক কিয়, তেওঁলোকৰ কাম-কাজৰ পৰাই
তেওঁলোকে কি বিচাৰে তাক সহজে অনুমান কৰিব পাৰি। দুগৰাকী
মেয়ৰক হত্যা কৰাৰ উপৰি তেওঁলোকে বাটৱালৰ মেয়ৰ পোনাৰাম
পোখৰেলক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল৷ ইয়াৰ বাহিৰেও
কেইবাগৰাকীও ভি ডি চি বিষয়াক হত্যাৰ লক্ষ্য কৰি লৈছিল।'

 আনকি সাংবাদিক আৰু মানৱ অধিকাৰ কৰ্মীয়ে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা অনুভৱ কৰা নাছিল। ২০০৪ চনৰ আগষ্ট মাহৰ দহ তাৰিখে দেইলেখ জিলাৰ দেকেন্দ্ৰ ৰাজ থাপা নামৰ এজন সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মীক মাওবাদী বিদ্রোহীয়ে অপহৰণ কৰি হত্যা কৰে। মাওবাদীসকলে তেওঁক তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ জাপি দি তেওঁৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।

 থাপাৰ হত্যা সংবাদ মাধ্যমৰ কাৰণে এক গুৰুতৰ বিষয় আছিল। সাংবাদিকসকলে এই হত্যাক মাওবাদীসকলে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা বুলি অভিহিত কৰি ইয়াক দ্ব্যৰ্থক ভাষাত গৰিহণা দিছিল। পেৰিচস্থিত ৰিপ'ৰ্টাৰ্ছ ছনছ ফ্ৰণ্টিয়াৰ্ছ (আৰ এছ পি) আদিৰ দৰে বহুতো আন্তঃৰাষ্ট্ৰীয় গণমাধ্যম অধিকাৰ সংস্থাই এই আক্রমণ সন্দৰ্ভত ব্যাপক প্রতিবাদ সাব্যস্ত কৰিছিল। থাপাৰ হত্যাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই মাওবাদী বিদ্রোহীসকলৰ মুখপাত্র কৃষ্ণ বাহাদুৰ মাহাৰাই ক্ষমা খুজি কয় যে সাংবাদিকক হত্যা বা আক্রমণ কৰাটো তেওঁলোকৰ দলীয় নীতি নহয় আৰু সাংবাদিকৰ ওপৰত সংঘটিত এনে আক্রমণ তেওঁলোকৰ ভুলৰ বাবেহে হ’ল।

 আনকি থাপাৰ হত্যাকাণ্ডৰ পাছত আৰ এছ এফৰ ‘সংবাদপত্ৰৰ স্বাধীনতাৰ হত্যাকাৰী'ৰ তালিকাত প্ৰচণ্ডৰ নাম অন্তৰ্ভুক্ত হয়। ২০০৮ চনৰ জুন মাহত দেইলেখৰ বিষয়টো পুনৰ চৰ্চালৈ আহিল। কবৰৰ পৰা উদ্ধাৰ হোৱা এটা মৃতদেহ থাপাৰ বুলি সন্দেহ কৰি নেপালী সাংবাদিক সংস্থাই (এফ এন জে) মৃতদেহটোৰ ডি এন এ পৰীক্ষাৰ দাবী উত্থাপন কৰিছিল।

 জনযুদ্ধৰ লগতে সংগঠনটোৰ অন্যান্য কাম-কাজ চলাই নিবলৈ যদিও যথেষ্ট টকা-

১৭০