পৃষ্ঠা:প্ৰচণ্ড.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নতুন ঘৰলৈ গুচি যায়। প্ৰচণ্ডৰ ডাঙৰ ছোৱালী জ্ঞানু গিৰীয়েকৰ সৈতে ভৰতপুৰত থকাৰ বাবে প্ৰকাশ আৰু গংগাৰ দায়িত্ব ৰেণুৰ ওপৰতে পৰে। তেওঁ মনত পেলাইছিল—

‘মোৰ সৰু ভণ্টি আৰু ভাইটি স্কুলত পঢ়ি আছিল। আমি কাঠমাণ্ডুত
যি পৰিস্থিতিত আছিলোঁ তাত সিহঁতৰ যত্ন লোৱাটো অতি সমস্যাপূৰ্ণ
আছিল। কিন্তু মই সকলো সমস্যাৰ সন্মুখীন হ’বলৈ সাজু আছিলোঁ
কাৰণ মই বুজি পাইছিলোঁ যে দেউতাই সকলো নেপালী মানুহৰ
কল্যাণৰ বাবে সংগ্ৰাম কৰিছিল।’

 কাঠমাণ্ডুৰ পৰা পলাই গৈ প্ৰচণ্ডই পশ্চিম নেপালৰ চিয়াজা পায়গৈ। তাত তেওঁ পলিতব্যু’ৰোৰ সদস্যসকলৰ এখন সভাত সভাপতিত্ব কৰে। তাত তেওঁ জনযুদ্ধ কেনেদৰে চলাই নিয়া হ’ব তাৰ এক খতিয়ান দাঙি ধৰে। ঘাইকৈ আৰক্ষী চকী আৰু নিৰ্বাচিত কিছু অঞ্চল কেনেকৈ নিজৰ অধীনলৈ আনিব পাৰি সেই বিষয়ে আলোচনা কৰিছিল। জনযুদ্ধ গোটেই দেশতে বিয়পি পৰাৰ বাবে মাওবাদীৰ মূল নেতাজন নেপালত থকাটো অতি বিপদজনক হৈ পৰিছিল। সেয়েহে দলে সিদ্ধান্ত কৰিছিল যে তেওঁলোক পুনৰ ভাৰতত থকা উচিত। আৰু শিলিগুড়িৰ পূব বাণিজ্যিক চহৰখনক ইয়াৰ বাবে নিৰ্বাচন কৰা হৈছিল। শিলিগুড়িত বহু নেপালীভাষী লোক আছিল। গতিকে তেওঁলোকৰ তাত আশ্ৰয় ল’বলৈ সহজ হৈ পৰিছিল। সেয়েহে তেওঁলোকে তাত তিনি বছৰ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

 শিলিগুড়িলৈ যোৱাৰ পাছত সীতাৰ জীৱনে এটা নতুন গতি ল’লে। তেওঁ গিৰীয়েকৰ লগত নেপালৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল আৰু পোনপটীয়াকৈ দলৰ কাম-কাজবিলাকত জড়িত হৈ পৰিছিল। ১৯৮১ চনত তেওঁ চিটৱানৰ মাওবাদী মহিলা কমিটীৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে।

 প্ৰচণ্ডই নিজৰ ল’ৰা-ছোৱালী তিনিটাৰ নিৰাপত্তাৰ বাবে চিন্তিত হৈ পৰিছিল। কাৰণ কাঠমাণ্ডু তেওঁলোকৰ কাৰণে নিৰাপদ ঠাই হৈ থকা নাছিল। ১৯৯৭ চনত তেওঁ শিলিগুড়িলৈ আহে। প্ৰায়ে চেয়াৰমেন প্ৰচণ্ডই প্ৰায় জনযুদ্ধৰ আৰম্ভণি সময়ছোৱাৰ মূল ঘাটি ৰ'লপা আৰু ৰুকুমলৈ অভিযানৰ নেতৃত্ব দিবলৈ আৰু বিদ্ৰোহৰ নেতাসকলক লগ কৰি ভৱিষ্যৎ পৰিকল্পনা কৰিবলৈ আহিবলগীয়া হৈছিল। প্ৰকাশে কৈছিল—

‘কেতিয়াবা তেওঁ বহুমাহ ধৰি ঘৰৰ পৰা বাহিৰত আছিল। তেওঁ ক'লৈ
গৈছিল, কি কৰিছিল মই একো ধৰিব পৰা নাছিলোঁ। মোৰ ডাঙৰ
বাইদেউৰ পৰা মই জানিব পাৰিছিলোঁ যে মোৰ দেউতা এজন
ৰাজনৈতিক কৰ্মী আছিল। কিন্তু মই তাৰ অৰ্থ বুজি পোৱা নাছিলোঁ।’

 সেই সময়ত ম’বাইল ফোনৰ সংযোগ ব্যৱস্থাটো নেপালত উন্নত হোৱা নাছিল।

৫১