পৃষ্ঠা:প্ৰচণ্ড.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩

সংবাদ মাধ্যমক পূৰ্ণ ৰূপত ব্যৱহাৰ

 একবিংশ শতিকাত দীৰ্ঘদিন ধৰি সশস্ত্ৰ সংগ্ৰাম এটা চলাই নিয়াটো ইমান সহজ কাম নহয়, কাৰণ ই নিশ্চিতভাৱে বিভিন্ন পক্ষৰ বিশেষকৈ পশ্চিমৰ বিশ্বৰ দ্বাৰা বেয়াকৈ সমালোচিত হয়। তদুপৰি কাঠমাণ্ডুত অৱস্থিত অধিকাংশ মূলসুঁতিৰ সংবাদ মাধ্যমে মাওবাদী দলৰ আৰু ‘পিপুলছ্ লিবাৰেশ্যন আৰ্মি’ (পি এল এ)ৰ কাম-কাজক সমালোচনা কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ কাম-কাজসমূহক ৰাইজৰ আগত দাঙি ধৰি জনসাধাৰণৰ মাজত এটা উজ্জ্বল ভাবমূৰ্তি গঢ়ি তোলাটো খুবেই প্ৰয়োজনীয় হৈছিল।

 সেয়ে মাওবাদী দলটোৰ সংবাদ পৰিচালকসকলে ইনফৰ্মেশ্যন ছুপাৰ হাইৱে ব্যৱহাৰ কৰিছিল সংগঠনটোৰ বিবৃতি তথা অন্যান্য কাম-কাজৰ তথ্যবোৰ যাতে লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বাতৰি কাকত, টেলিভিছন চেনেল আৰু ৰেডিঅ’ ষ্টেশ্যনসমূহৰ হাতত পৰে।

 সংগঠনৰ ভাবমূৰ্তি গঢ়ি তোলাৰ এই পদক্ষেপৰ ক্ষেত্ৰত মূল দায়িত্ব দিয়া হৈছিল নেপালীত প্ৰকাশিত কট্টৰপন্থী সাপ্তাহিক কাকত ‘জনাদেশ’ক। সৰোজ পিয়াকুৰেলৰ সম্পাদনাত ১৯৯১ চনৰ পৰা এই সাপ্তাহিক কাকতখনৰ প্ৰকাশ আৰম্ভ হয়। এই

৯৭