পৃষ্ঠা:প্ৰচণ্ড.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰাক্‌কথন

 প্ৰচণ্ড এতিয়া কেৱল নেপালতে নহয়, সমগ্ৰ বিশ্বতেই এটা সুপৰিচিত নাম। এটা সাধাৰণ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা নেপালৰ এই মাওবাদী প্ৰধানজনে বিশ্ববাসীক দেখুৱাই দিলে যে অধ্যৱসায়, কৌশল আৰু কোনো এটা উদ্দেশ্যৰ প্ৰতি উৎসাহী মনোভাব থাকিলে সাম্যবাদী আন্দোলন এটাৰ আজি একবিংশ শতিকাতো প্ৰাসংগিকতা স্থাপন কৰিব পৰা যায়।

 কম্বোদিয়াত খেমে ৰুজৰ মৃত্যু আৰু ফিলিপাইন্‌ছ নিউ পিপুলছ্ আৰ্মিৰ কাৰ্যতঃ বিভাজনৰ পাছত এছিয়াৰ ৰাজনৈতিক পৰ্যবেক্ষকসকলে মাওবাদী বিদ্ৰোহৰ দিন উকলা বুলি মন্তব্য কৰিছিল। কিন্তু নেপালত প্ৰচণ্ডৰ সবল নেতৃত্বত দেশখনৰ মাওবাদীয়ে পৰ্যবেক্ষক মহলৰ এই মত ভুল বুলি প্ৰমাণ কৰি দিলে।

 কাস্কি জিলাৰ লিৱাদিৰ এখন শ্ৰেণী বৈষম্যহীন গাঁৱত জন্মগ্ৰহণ কৰা প্ৰচণ্ড ওৰফে পুষ্প কুমাৰ দাহাল এছিয়াৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এজন সফল বিদ্ৰোহী। দৃঢ়তা আৰু যুক্তিপূৰ্ণ বিচাৰেৰে প্ৰচণ্ডই নেপালৰ সামাজিক আৰু ৰাজনৈতিক গাঁথনিৰ নতুন ৰূপ দিয়াত সবাতোকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। নিঃসন্দেহে তেওঁ নেপালৰ ৰাজনীতিৰ

১৩