পৃষ্ঠা:প্ৰচণ্ড.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছিলোঁ। কাৰণ দৰাজন আছিল অতি সহজ-সৰল আৰু কঠোৰ
পৰিশ্ৰমী। আমি আশা কৰিছিলোঁ যে এদিন তেওঁৰ ভাগ্য সুপ্ৰসন্ন হ’ব
আৰু নেপালৰ ক'ৰবাত শিক্ষকৰ চাকৰি পাব। আৰু আমাৰ ডাঙৰ
ছোৱালীজনীক সুখত ৰাখিব।’

 শাহুৱেকৰ একান্ত ইচ্ছা সত্ত্বেও পুষ্প কমলে কিন্তু কেতিয়াও শিক্ষক হ’ব বিচৰা নাছিল। আৰু সেইকাৰণে শাহুৱেকে শিক্ষক হ’বলৈ আশীৰ্বাদ দিলেও তেওঁ প্ৰায়ে তাত অসন্মতি প্ৰকাশ কৰিছিল। কাৰণ পুষ্প কমলৰ শিক্ষক হোৱাতকৈ বহুত ডাঙৰ সপোন আছিল।

 কিশোৰ অৱস্থাতে সীতাৰ সৈতে হোৱা বিবাহে পুষ্প কমলক স্কুলত পঢ়াৰ পৰা আঁতৰাই আনিব নোৱাৰিলে। বিয়াৰ পাছতেই বোৱাৰীয়েকজনীক ৰন্ধা-বঢ়াৰ লগতে অন্যান্য ঘৰুৱা কাম-কাজ চলোৱাৰ দায়িত্ব দিয়া হৈছিল। ফলস্বৰূপে পুষ্প কমলে দশম শ্ৰেণীৰ শেষত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সময় পাইছিল। অৱশ্যে দেউতাকে পুষ্প কমলৰ ভনীয়েক ছয়গৰাকীক আৰ্থিক অৱস্থাৰ বাবে পঢ়ুৱাব নোৱাৰিলে। উদাহৰণস্বৰূপে, ডাঙৰ ভনীয়েক অপ্সৰাই একেবাৰে স্কুললৈ যোৱা নাছিল। বাকী পাঁচজনী ভনীয়েকৰো স্কুললৈ যোৱা নহ’ল। এই সম্পৰ্কে অপ্সৰাই কয়—

‘মোৰ দুয়োগৰাকী ককাইদেৱে স্কুলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত কঠোৰ শ্ৰম
কৰিছিল। সেইবাবে তেওঁলোক দুয়ো পঢ়া-শুনাত আগবাঢ়িব পাৰিছিল।
কিন্তু মোৰ পঢ়া-শুনাত মুঠেও ৰাপ নাছিল ৷ আৰু সেই কাৰণে মই
কেতিয়াও স্কুললৈ যোৱা নাছিলোঁ।’

 পৰিয়ালৰ দুৰ্বল আৰ্থিক অৱস্থাৰ কাৰণেই মূলতঃ ভনীয়েককেইজনীয়ে স্কুললৈ যোৱা নাছিল৷ তদুপৰি সেই সময়ত নেপালৰ গাঁওবোৰত ছোৱালীৰ শিক্ষাক বিশেষ অগ্ৰাধিকাৰ দিয়া হোৱা নাছিল ৷ সেইবাবে খুব কম বয়সতে আটাইকেইজনী ভনীয়েকে এজনী এজনীকৈ বিয়া হৈ গৈছিল। দুখৰ বিষয়, দ্বিতীয়জনী ভনীয়েক তাৰাৰ মাত্ৰ ৩৫ বছৰ বয়সতে মৃত্যু হৈছিল।

 পুষ্প কমলৰ সৰু ভায়েক গংগাৰামেও গভীৰ মনোযোগেৰে পঢ়া-শুনা কৰাত মনোনিৱেশ কৰিছিল। তেওঁ বনপালন বিদ্যাক জীৱিকা হিচাপে বাছি ল’বলৈ সিদ্ধান্ত লৈছিল। চিটৱানৰ ৰামপুৰৰ ইনষ্টিটিউট অৱ এগ্ৰিকালচাৰ এণ্ড এনিমেল ছায়েন্স (আই এন এছ)ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছত গংগাৰামে বনপালন বিদ্যাৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত কাম কৰিছিল। ভাৰতৰ পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈছিল আৰু অধিক অধ্যয়নৰ অৰ্থে ইংলেণ্ডলৈ গৈছিল। ইংলেণ্ডৰ ৰিডিং বিশ্ববিদ্যালয়ে তেওঁক ‘ফৰেষ্ট গভাৰনেন্স এণ্ড ইনষ্টিটিউশ্যনেল ষ্ট্ৰাইকাৰ ইন দি কনটেক্ট অৱ

২৪