পৃষ্ঠা:প্ৰচণ্ড.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাবমূর্তি বিনষ্ট কৰাৰ লগতে মাওবাদী বিদ্রোহীসকলক সন্ত্রাসবাদী সংগঠনৰ শাৰীলৈ অৱনমিত কৰিছিল। এইটো তেওঁলোকৰ দ্বিতীয়টো যাত্রীবাহী বাছৰ ওপৰত চলোৱা আক্ৰমণ আছিল। ইয়াৰ কেইমাহমান পূৰ্বে এপ্রিল মাহত চাৰৰ্লাহিত এখন যাত্রীবাহী বাছত বিস্ফোৰণ সংঘটিত কৰাত পাঁচজন লোক নিহত হৈছিল।

 বেন্দামুডেত বোমা বিস্ফোৰণ হোৱাৰ কেইঘণ্টামানৰ পাছতে তেতিয়াৰ ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান কফি আন্নানে এই লেণ্ডমাইন বিস্ফোৰণ কাৰ্যক ‘বৰ্বৰ’ আক্রমণ বুলি অভিহিত কৰি ইয়াৰ তীব্ৰ গৰিহণা দিয়ে। লগতে তেওঁ মাও বিদ্রোহীসকলক এনেধৰণৰ অমানৱীয় কাৰ্যৰ দ্বাৰা মানৱ অধিকাৰ আৰু মানৱ অধিকাৰ সম্পৰ্কীয় আইন কানুন ভংগ কৰাৰ পৰা বিৰত থাকিবলৈ আৰু এইবিলাকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ সকীয়াই দিয়ে। বিভিন্ন ৰাজনৈতিক দল, আন্তর্জাতিক মানৱ অধিকাৰ সংস্থা আৰু গণমাধ্যমসমূহেও এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়ে। এই ঘটনা সন্দৰ্ভত ‘দ্য কাঠমাণ্ডু প’ষ্টে’ লিখিছিল—

‘মাওবাদীসকলে নিৰীহ জনতাৰ ওপৰত বহুবাৰ আক্ৰমণ সংঘটিত
কৰিছে আৰু তেওঁলোকে বাৰম্বাৰ এনে ভুল নকৰাৰ কথা দোহাৰিছে।
কিন্তু তাৰ পাছতো বাৰে বাৰে অসামৰিক লোকসকল তেওঁলোকৰ
বৰ্বৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছে।'

 প্ৰচণ্ডই তেওঁৰ কেডাৰসকলে যাত্রীবাহী বাছত সংঘটিত কৰা আক্ৰমণটোৰ সন্দৰ্ভত অনুশোচনা প্ৰকাশ কৰি প্ৰেৰণ কৰা বিবৃতিক সাংবাদিক তিলক পোখৰেলে ‘দ্য কাঠমাণ্ডু পষ্ট’ত তীব্র সমালোচনা কৰিছিল। মাওবাদী প্রধানজনে এনে ঘটনাক দলীয় নীতি- বহিভূর্ত আৰু অতি সোনকালেই ইয়াৰ আভ্যন্তৰীণ কাৰণ বিচাৰ কৰি জনসাধাৰণক জনোৱাৰ প্ৰতিশ্ৰুতি দিছিল। পোখৰেলে প্ৰচণ্ডৰ এনে মন্তব্যক সমালোচনা কৰি কৈছিল যে ইয়াৰ আগতেও ২০০২ চনৰ ২ নৱেম্বৰত দলাখাত এখন যাত্রীবাহী বাছত সংঘটিত হোৱা লেণ্ডমাইন বিস্ফোৰণত দুজন অসামৰিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু তেতিয়াও প্রচণ্ডই একে কথাকেই দোহাৰিছিল। এইক্ষেত্ৰত পোখৰেলে লিখিছিল—

‘প্ৰচণ্ডই তেওঁৰ বিবৃতিত এনে আক্রমণ তেওঁলোকৰ কল্পনাৰো বাহিৰত
বুলি মন্তব্য কৰিছিল। সেই সময়তো তেওঁ এনে ঘটনাৰ অনুসন্ধান
কৰিব আৰু তাৰ ফলাফল জনসাধাৰণক অৱগত কৰাৰ প্রতিশ্রুতি
দিছিল। তেওঁ যিয়েই নকওক, ঘটনাৰ কিন্তু কোনো অনুসন্ধান নহ'ল।'

 সন্ত্রাসবাদী আক্ৰমণৰ উপৰি মাওবাদীসকলে কৰা বলপূর্বক ধন দাবী,ভূমি অধিগ্রহণ, অপহৰণ, হত্যা আৰু অত্যাচাৰী কাৰ্যকলাপ দৃষ্টিকটুভাৱে জনমানসত ধৰা দিছিল মাওবাদীসকলৰ পথত হেঙাৰ হোৱা বা তেওঁলোকৰ দাবীবোৰৰ বিৰোধিতা কৰাজন

১৬৯