পৃষ্ঠা:প্ৰচণ্ড.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যৱস্থাৰ অধীনত এখন যুক্তৰাষ্ট্ৰীয় প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ গঠনৰ প্ৰতিশ্রুতি দিছিল। তদুপৰি নতুনকৈ ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত হোৱা ৰাজনৈতিক দলটোৱে নেপালত গোষ্ঠীগত আৰু ভৌগোলিক অৱস্থানৰ ওপৰত ভিত্তি কৰি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দিয়াৰ বাবে ১১খন স্বায়ত্তশাসিত প্রদেশ আৰু দুখন উপ-প্ৰদেশ গঠনৰ প্ৰস্তাৱ আগবঢ়ায়। ইস্তাহাৰখনত লগতে উল্লেখ কৰা হয় যে প্রস্তাবিত প্রদেশসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ থাকিব। সংবিধান সভাৰ নিৰ্বাচনৰ পাছতেই মাওবাদীসকলে এজন অন্তবর্তী ৰাষ্ট্ৰপতি নিয়োগ কৰি এখন নতুন পৰিৱৰ্তনশীল চৰকাৰ গঠন কৰাৰ সিদ্ধান্তৰ কথা দোহাৰিলে। তেওঁলোকে এক নতুন পৰিৱৰ্তনশীল অর্থনৈতিক নীতিৰ জৰিয়তে দেশৰ ঘৰুৱা ঔদ্যোগিক মূলধনৰ বিকাশ সাধন কৰাৰ কথা ঘোষণা কৰিলে। তেওঁলোকে কি পদ্ধতিৰে ‘জাতীয় মূলধন'ৰ বিকাশ সাধন কৰিব সেই সম্পর্কে বুজাই ক’বলৈও কোনো সংকোচবোধ নকৰিলে। ‘দায়বদ্ধতা পত্ৰ’ৰ আঁৰৰ ব্যক্তি জ্যেষ্ঠ মাওবাদী নেতা বাবুৰাম ভট্টৰায়ে এই সন্দৰ্ভত সংবাদ মাধ্যমক উদ্দেশ্যি কৈছিল——

‘জাতীয় ঔদ্যোগিক মূলধনৰ বিকাশৰ বাবে এক নতুন পৰিৱৰ্তনকামী
অৰ্থনীতিৰ প্ৰয়োজন। এই নীতি যদি কাৰ্যকৰী কৰা হয়, তেন্তে দহ
বছৰৰ ভিতৰত নেপালৰ জনমূৰি আয় ৩০০ৰ পৰা ৩,০০০ মার্কিন
ডলাৰ হ’ব আৰু এই সংখ্যা বৃদ্ধি পাই বছৰত ১০,০০০ ডলাৰ হ’ব।
আৰু ৪০ বছৰৰ ভিতৰত নেপাল পৃথিৱীৰ ভিতৰতে এখন অন্যতম
বিকাশশীল দেশলৈ ৰূপান্তৰিত হ’ব।’

 মাওবাদীসকলে নেপালৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ মাজৰ অংশীদাৰিত্বৰ ওপৰতো আলোকপাত কৰিছিল। প্রাক্তন বিদ্রোহীসকলে ঘোষণা কৰিছিল যে অহা দহ বছৰৰ ভিতৰত দেশখনৰ ১০,০০০ মেগাৱাটৰ বিদ্যুৎ শক্তিৰ উৎপাদন কৰা হ’ব আৰু পাঁচ বছৰৰ ভিতৰত সমগ্ৰ দেশৰ জনসাধাৰণৰ কাৰণে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাটো নিশ্চিত কৰা হ'ব।

 জনসাধাৰণে মাওবাদীসকলৰ ‘দায়বদ্ধতা পত্ৰ’খনক মূলসুঁতিৰ ৰাজনৈতিক দলবোৰৰ নির্বাচনী ইস্তাহাৰৰ তুলনাত যথেষ্ট পৰিৱৰ্তনকামী বুলি বিবেচনা কৰিছিল। যিহেতু অন্যান্য ৰাজনৈতিক দলবোৰে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰধানকৈ দেশৰ ৰাজনৈতিক স্থিৰতা আৰু শান্তি–— এইকেইটা বিষয়ত আলোকপাত কৰিছিল।

 কিন্তু এপ্ৰিলৰ ১০ তাৰিখৰ দিনটো চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ দিনটো অশান্ত আৰু হিংসাজৰ্জৰ হৈ পৰাৰ সম্ভাৱনাই দেখা দিলে। আনকি মাওবাদী কেডাৰসকলৰ লগতে বিশেষকৈ যুৱ সাম্যবাদী লীগৰ সদস্যসকলে জনসাধাৰণক ভীতি প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হ’ল। এপ্ৰিলৰ ৮ তাৰিখে দেং জিলাৰ

১৫৬