পৃষ্ঠা:প্ৰচণ্ড.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সবিশেষ স্পষ্টভাৱে জনাই বিবৃতি প্ৰেৰণ কৰিছিল।

 সিদিনা আছিল জুন মাহৰ ৮ তাৰিখ। প্ৰবল বৰষুণ আৰু অন্ধকাৰৰ সুযোগ লৈ ১৫ শ সশস্ত্ৰ মাওবাদীয়ে জাজাৰক’ট জিলাৰ পাঞ্চকাটীয়া গাঁৱৰ এটা আৰক্ষী চকী আগুৰি ধৰে। সু-সজ্জিত আৰু সু-পৰিকল্পিত গেৰিলা আক্ৰমণকাৰীসকলে আৰক্ষী চকীলৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ কৰিছিল। চকীত প্ৰায় ৫৩জন পুলিচকৰ্মী আছিল। গেৰিলাসকলৰ অতৰ্কিত আক্ৰমণত তেওঁলোকৰ কৰ্মীসকল ছেদেলি-ভেদেলি হৈ পৰে। কিছু সময়ৰ পাছত তেওঁলোকে নিজকে সংগঠিত কৰি গেৰিলাসকলৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে গুলীবৰ্ষণ কৰে। দুয়োপক্ষৰ মাজত চলা এই গুলীয়াগুলী পুৱাৰ ভাগলৈকে অহৰহ চলে। এই ভয়াৱহ সংঘৰ্ষত ১২জন পুলিচ বিষয়াকে ধৰি দুজন মাওবাদী আৰু সাতজন সাধাৰণ লোকে প্ৰাণ হেৰুৱায়।

 এই আক্ৰমণৰ পাছত চৰকাৰে পাঞ্চকাটে আৰক্ষী চকীলৈ পুনৰ পুলিচ বাহিনী মোতায়েন কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মাও বিদ্ৰোহীসকলে তেওঁলোকক আক্ৰমণ কৰাৰ উদ্দেশ্যে পথৰ কাষে কাষে আত্মগোপন কৰি আছিল। ধাৰাসাৰ বৰষুণকো নেওচি গাঁও অভিমুখে ৰাওনা হোৱা পুলিচ বাহিনীৰ ওপৰত সশস্ত্ৰ মাওবাদী বিদ্ৰোহীসকল জঁপিয়াই পৰিল। মাওবাদী বিদ্ৰোহীয়ে আৰু দুজন পুলিচ কৰ্মীক গুলীয়াই হত্যা কৰে।

 বিদ্ৰোহ চলি থকা সময়ছোৱাত প্ৰচণ্ডই কাঠমাণ্ডুৰ বিভিন্ন অঞ্চলত প্ৰায় ২১ দিন আছিল। পুলিচৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা নিজকে বচাবলৈ প্ৰচণ্ড আৰু তেওঁৰ পৰিয়ালবৰ্গই পলাই যাবলৈ সিদ্ধান্ত কৰে যদিও গোটেই পৰিয়ালটো লুকাই থকাটো অতি কঠিন হৈ পৰিছিল। অন্যহাতে ল’ৰা-ছোৱালীকেইটাক ভাড়াঘৰত এৰি যোৱাটোও অতি বিপজ্জনক আছিল।

৬০