পৃষ্ঠা:প্ৰচণ্ড.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিৰাপত্তাৰ এটা বাতাৱৰণ সৃষ্টি কৰা আৰু স্থানীয় সমিতিসমূহৰ লগতে প্ৰতিনিধি সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা। সেয়ে দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ অলপ সময়ো ব্যয় নকৰাকৈ মাওবাদীৰ লগত ৰাজনৈতিক আলোচনাৰ মাজেৰে তেওঁলোকৰ দাবীসমূহ সমাধান কৰিবলৈ আহ্বান জনায়৷ চান্দৰ ভাষাত—

 ‘মাওবাদী নেতাসকলক আলোচনাৰ মেজলৈ অনাটো মোৰ প্ৰথম অগ্ৰাধিকাৰ চাৰে ছবছৰীয়া জনযুদ্ধত নেপালত ভালেমান ৰক্তপাত হ’ল। গ্ৰামাঞ্চলৰ উন্নয়নৰ কামো ইয়াৰ ফলত বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।’

 চান্দ চৰকাৰে মাওবাদী নেতৃবৃন্দক আলোচনাৰ মেজলৈ অনাৰ বাবে তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। ৩ ডিচেম্বৰত প্ৰচণ্ডই বাবুৰাম ভট্ট ৰাইক আহ্বায়ক হিচাপে লৈ এটি কেন্দ্ৰীয় আলোচনাকাৰী দল গঠন কৰাৰ কথা ঘোষণা কৰে। আলোচনাকাৰী দলটোৰ আন সদস্যসকল আছিল ৰাম বাহাদুৰ থাপা ওৰফে বাদাল, কৃষ্ণ বাহাদুৰ মাহাৰা, দেব গুৰুং আৰু মাতৃকা প্ৰসাদ যাদব।

 কিন্তু দুয়োপক্ষই আলোচনাক লৈ গুণা-গঁথা কৰি থকাৰ মাজতে ২০০৩ চনৰ ২৫ জানুৱাৰীত সশস্ত্ৰ আৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক কৃষ্ণ মোহন শ্ৰেষ্ঠ আৰু তেওঁৰ পত্নী নুদুপ আৰু দেহৰক্ষীজনক ৰাজধানীৰ ৰিং ৰোডত (নাথুৰ সমীপৱৰ্তী) জগিং কৰি থকা অৱস্থাত মাওবাদী বিদ্ৰোহীয়ে গুলীয়াই হত্যা কৰে। মাওবাদী বিদ্ৰোহীয়ে কাঠমাণ্ডুত আক্ৰমণৰ লক্ষ্য কৰি লোৱা শ্ৰেষ্ঠই আছিল আটাইতকৈ উচ্চ পৰ্যায়ৰ বিষয়া।

 এই ঘটনাৰ তিনিদিনৰ পাছত, চৰকাৰ আৰু মাওবাদী দুয়োপক্ষই যুদ্ধবিৰতি ঘোষণা কৰে। উল্লেখযোগ্য বিদ্ৰোহ আৰম্ভ হোৱাৰ পাছত এয়া আছিল দ্বিতীয়টো যুদ্ধবিৰতি। মাওবাদীসকলে সন্মতি জনোৱাৰ পাছতে চৰকাৰে চণ্ডীপ্ৰসাদ মণ্ডলৰ নেতৃত্বত এটা ছজনীয়া আলোচনাকাৰী দল নিযুক্তি দিয়ে। চান্দ চৰকাৰে বিদ্ৰোহীসকলক দিয়া সন্ত্ৰাসবাদী আখ্যা প্ৰত্যাহাৰ কৰে আৰু মাওবাদী নেতৃত্বৰ বিৰুদ্ধে জাৰি কৰা ‘ৰেড কৰ্নাৰ’ জাননী প্ৰত্যাহাৰ কৰিবলৈ ইণ্টাৰপলক অনুৰোধ জনায়।

 মাওবাদী আৰু চৰকাৰ উভয়ে বোধহয় শান্তি প্ৰক্ৰিয়াৰ প্ৰতি সংকল্পবদ্ধ আছিল আৰু সমস্যাটোৰ এটা যুক্তিপূৰ্ণ সমাধানৰ বাবে আগ্ৰহী আছিল। ২০০১ চনৰ ১০ নৱেম্বৰত হঠাৎ যুদ্ধবিৰতি আৰু শান্তি প্ৰক্ৰিয়াৰ সামৰণি পৰিছিল। চান্দৰ শান্তি প্ৰক্ৰিয়াৰ প্ৰতি যিহেতু মাওবাদীসকলে ইতিবাচক সঁহাৰি জনাইছিল, সেই কাৰণে জনসাধাৰণ আশাবাদী আছিল যে বিদ্ৰোহী সমস্যাটোৰ শীঘ্ৰেই সামৰণি পৰিব। চান্দৰ ভাষাত—

‘চৰকাৰৰ আহ্বানৰ প্ৰতি মাওবাদীসকলে সঁহাৰি জনোৱাত মই সঁচাকৈ
সুখী হৈছিলোঁ। মই অত্যন্ত আশাবাদী আছিলোঁ যে চৰকাৰে শান্তিপূৰ্ণ
আলোচনাৰ মাজেৰে মাওবাদীসকলৰ সকলোবোৰ দাবীৰ সমাধান

৮৬