পৃষ্ঠা:প্ৰচণ্ড.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰাটোত তেওঁলোকে অনুমোদন নজনায়। মাওবাদী প্ৰধানজনে এইদৰে ক্ষমা বিচৰা ঘটনাই বিশ্ব প্ৰেক্ষাপটত সংগঠনটোৰ বিনষ্ট হোৱা ভাবমূৰ্তি ঘূৰাই অনাত বহু পৰিমাণে সহায় কৰে।

 প্ৰচণ্ডৰ ২১ অক্টোবৰৰ বিবৃতিটোৰ পাছতে কমিউনিষ্ট গেৰিলাসকলে চলাই অ আক্ৰমণ কমি আহে। কিন্তু আৰ এন এ (ৰয়েল নেপাল আৰ্মি) আৰু নেপাল আৰক্ষীয়ে তেওঁলোকৰ বিদ্ৰোহী অভিযান অব্যাহত ৰাখে। ২০১১ চনৰ ৫ ফেব্ৰুৱাৰীত নেপালৰ সেনাই (আৰ এন এ) মকৱানপুৰ জিলাৰ ডিমান গাঁৱত অভিযান চলাই ১৪গৰাকী সন্দেহযুক্ত মাওবাদী কৰ্মী আৰু দুজন আসামৰিক লোকক হত্যা কৰে। এই ঘটনাৰ লগে লগে লণ্ডনস্থিত এমনেষ্টি ইন্টাৰনেশ্যনেলে নেপালৰ প্ৰধান মন্ত্ৰী সূৰ্য বাহাদুৰ থাপা আৰু নেপালৰ সেনাৰ (আৰ এন এ) মানৱ অধিকাৰ কোষৰ মুৰব্বী কৰ্ণেল নীলেন্দ্ৰ এৰিমালৈ মানৱ অধিকাৰ ভংগৰ এই ঘটনাৰ তাৎক্ষণিক তদন্তৰ দাবী জনাই চিঠি লিখে।

 মাওবাদীসকলে এক মোক্ষম আঘাতৰ সন্মুখীন হয় যেতিয়া ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় সমিতিৰ দুগৰাকী সদস্য মাট্ৰিকা যাদব আৰু সুৰেশ এলি মগৰক ভাৰতে নেপাল চৰকাৰৰ হাতত গতাই দিয়ে। নেপালী চৰকাৰৰ তথ্যৰ ভিত্তিত দুয়োগৰাকী নেতাকে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গ্ৰেপ্তাৰ কৰা হৈছিল।

 ৫ এপ্ৰিলত, মাওবাদীসকলে তিনিদিনীয়া নেপাল বন্ধ ঘোষণা কৰে, কিন্তু পাঁচদলীয় মৰ্চাই যিয়ে ৰাজতন্ত্ৰৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছিল, এই বন্ধৰ বিৰোধিতা কৰে। প্ৰচণ্ডই তেতিয়া এটা যৌথ আন্দোলনৰ প্ৰস্তাৱ দিয়ে। সেই বছৰৰ মে’ মাহতে ৰাজনৈতিক হেঁচাত সূৰ্য বাহাদুৰ থাপাই প্ৰধান মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।

৯২