পৃষ্ঠা:প্ৰচণ্ড.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দহ বছৰ আত্মগোপন কৰি জীৱন কটোৱাৰ পাছত ১৬ জুনৰ দিনা জনতাৰ সন্মুখলৈ আহিবলৈ পোৱাটো জীৱনৰ এটা উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ ঘটনা। এই প্ৰসংগত প্ৰচণ্ডই কয়—

‘কাঠমাণ্ডুত প্ৰথমদিনা মই জনতাৰ সন্মুখলৈ অহাৰ সময়ত এযোৰ
পাতল নীলা ছ্যুট পৰিধান কৰিছিলোঁ। পাতল নীলা ৰং মোৰ সকলোতকৈ
প্ৰিয়।’

 মাওবাদীৰ মুখপাত্ৰ আৰু মধ্যস্থতাকাৰী দলৰ সদস্য মাহাৰাৰ মতে কৈৰালা আৰু প্ৰচণ্ডৰ মাজত প্ৰায় দুঘণ্টা ধৰি আলোচনা চলিছিল। বৈঠকখনত বিশেষকৈ সংবিধান সভাৰ খৰতকীয়া নিৰ্বাচন আৰু অন্যান্য ৰাজনৈতিক সমস্যাবোৰৰ খৰতকীয়া সমাধান আদি বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছিল। বৈঠকৰ শেষত চিটাউলাই ঘোষণা কৰিছিল—

‘আমি দেশখনক সাম্প্ৰতিক সংকটৰ পৰা মুক্ত কৰাৰ বাবে আঠদফীয়া
বুজাবুজিত উপনীত হ’লোঁহি।’

 প্ৰধান মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত প্ৰচণ্ডই সংবাদ প্ৰতিষ্ঠান ৰয়টাৰক উদ্দেশ্যি কয় যে প্ৰাৰম্ভিক বাধা তথা সমস্যাৱলী সত্ত্বেও শান্তি প্ৰক্ৰিয়াটো লক্ষ্যৰ পৰা আঁতৰি অহা নাই। তেওঁ পুনৰ দোহাৰিছিল যে আঠদফীয়া বুজাবুজি অনুযায়ী প্ৰতিনিধি সভা ভাঙি দি এখন অন্তৱৰ্তী চৰকাৰ গঠন কৰা হ’ব। এই শাসনে নেপালৰ কমিউনিষ্ট দল (মাওবাদী)ক অন্তৱৰ্তী সংবিধানৰ অধীনত প্ৰশাসন চলোৱাত সহায় কৰিব।

 মাওবাদী প্ৰধানজনে দাবী কৰিছিল যে অতি কম দিনৰ ভিতৰতে সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব আৰু নতুন সংবিধান অনুযায়ী নেপালক এখন যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক প্ৰজাতন্ত্ৰলৈ পৰিৱৰ্তন কৰা হ’ব। আত্মগোপনৰ জীৱন সামৰি পোন প্ৰথমবাৰৰ বাবে জনমানসত ধৰা দিয়াৰ পাছত প্ৰচণ্ডই সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে তেওঁলোকৰ এই চুক্তি ‘এক ঐতিহাসিক সিদ্ধান্ত’। লগতে তেওঁ দাবী কৰিছিল যে এই চুক্তিখনে দেশখনক এক নতুন দিশত ধাৱমান হোৱাত সহায় কৰিব।

 আত্মগোপনৰ জীৱন অন্ত পেলাই জনসাধাৰণৰ মাজলৈ ওলাই অহাৰ পাছত প্ৰচণ্ড তেওঁৰ পত্নী সীতা আৰু বাবুৰাম ভট্টৰায়ে কাঠমাণ্ডুত এৰাতি কটাইছিল। প্ৰধান মন্ত্ৰী কৈৰালা চিকিৎসাৰ বাবে বেংকক অভিমুখে ৰাওনা হ’বলগীয়া হোৱাত পুনৰ চিটাউলাই মাওবাদী নেতাকেইজনক নিৰাপত্তাৰ খাতিৰত ১৭ জুনত এখন ব্যক্তিগত হেলিকপ্টাৰেৰে দূৰৱৰ্তী দক্ষিণ নেপালৰ দাঁতিলৈ লৈ যায়।

 এই সন্দৰ্ভত তেওঁ কয়— ‘কাঠমাণ্ডুত মই তেওঁৰ (প্ৰচণ্ডৰ) নিৰাপত্তাক লৈ চিন্তিত

১৩৮