পৃষ্ঠা:প্ৰচণ্ড.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩২জন পুলিচ কামাণ্ডো আৰু এজন পুলিচ বিষয়া নিহত হৈছিল আৰু চৈধ্যজন গুৰুতৰভাৱে আহত হৈছিল। ২২জন পুলিচ কৰ্মীক গেৰিলা বিদ্ৰোহীসকলে কৰায়ত্ত কৰিছিল আৰু তেওঁলোকে ৫৪টা ৰাইফল, ছটা মেগনাম, এটা চট’গান, তিনিটা পিস্তল, তিনিটা ৰিভলভাৰ, প্ৰায় ৬,০০০ বুলেটৰ লগতে অন্যান্য যোগাযোগৰ সামগ্ৰী জব্দ কৰি লৈ গৈছিল। এই সংঘৰ্ষত মাও বিদ্ৰোহীসকলৰ আঠজন সৈনিকৰ লগতে এজন ডেপুটি প্লেটুন কামাণ্ডাৰে প্ৰাণ হেৰুৱায়।

 এপ্ৰিলৰ ১ তাৰিখে কাঠমাণ্ডুভেলীত প্ৰাক্তন শীৰ্ষ পুলিচ বিষয়া অচ্যুৎ কৃষ্ণ খাৰেল আৰু প্ৰাক্তন সাংসদ লেখ নাথ নিউপানেৰ ঘৰত বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হয়। তাৰ পাছদিনাই মাও বিদ্ৰোহীসকলে একাদিক্ৰমে পালপা জিলাৰ মূঝা আৰু দাদিং জিলাৰ দৰখা নামৰ ঠাই দুখনত দুটা সফল অভিযান চলায়।

 দাইলেখ জিলাৰ পশ্চিম প্ৰান্তৰ নাউমুলে আৰক্ষী চকীত তেওঁলোকে দ্বিতীয়টো সফল আক্ৰমণ সংঘটিত কৰিছিল। এপ্ৰিলৰ ৬ তাৰিখে মাওবাদী বিদ্ৰোহীৰ আঠটা প্লেটুনে স্থানীয় বিদ্ৰোহীৰ সহযোগত পাহাৰৰ শীৰ্ষত অৱস্থিত সু-সজ্জিত আৰক্ষী চকীত চাৰিওফালৰ পৰা মৰ্টাৰেৰে আক্ৰমণ চলায়। আৰক্ষী চকীটোত প্ৰায় ৮০জন পুলিচ কৰ্মী আছিল আৰু তেওঁলোকে গুলীৰে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিছিল।

 দুয়োপক্ষৰ মাজত প্ৰায় ৯০ মিনিট ধৰি গুলীয়াগুলী চলিছিল। এই সংঘৰ্ষত ৩৪ জন পুলিচ কৰ্মীয়ে প্ৰাণ হেৰুৱাইছিল আৰু দুই ডজনতকৈ অধিক পুলিচ কৰ্মী আহত হৈছিল। আনহাতে এই সংঘৰ্ষত ৫জন মাও বিদ্ৰোহীৰ মৃত্যু হৈছিল। বিদ্ৰোহীসকলে ৬০টা ৰাইফল আৰু ৪১,০০০ ৰাউণ্ড গুলী-বাৰুদ জব্দ কৰিবলৈ সক্ষম হৈছিল। মাও বিদ্ৰোহীৰ ভয়াৱহ আক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰি অসহায় হৈ পৰা নেপাল আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰদীপ চামশ্বেৰ ৰাণাই অকলে মাও বিদ্ৰোহীসকলৰ মুখামুখি হোৱাৰ দায়িত্ব ল’বলৈ অপাৰগতা প্ৰকাশ কৰিলে। নেপালত অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি বিৰোধী দল কমিউনিষ্ট পাৰ্টি অৱ নেপাল (ইউ এম এল) প্ৰধান মন্ত্ৰী গিৰিজাপ্ৰসাদ কৈৰালা ব্যৰ্থ হোৱা বুলি তেওঁৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদী সমদল উলিয়ায়।

 আৰক্ষী বাহিনীৰ বিৰুদ্ধে মাও বিদ্ৰোহীয়ে চলোৱা অহৰহ আক্ৰমণ ৰোধ কৰিবলৈ গিৰিজাপ্ৰসাদ কৈৰালা নেতৃত্বাধীন চৰকাৰখনে ১২ এপ্ৰিলত পুনৰ অধ্যাদেশ জাৰি কৰি অৰ্ধসামৰিক বাহিনী গঠন কৰাৰ কথা ঘোষণা কৰে। লগতে উগ্ৰপন্থীবিৰোধী অভিযানৰ সুপৰিচালনাৰ বাবে আঞ্চলিক প্ৰশাসনৰো ব্যৱস্থা কৰে।

 ২০০১ চনৰ ১ জুনৰ মাজনিশা নেপালবাসী সাৰ পাই উঠিছিল এক বিশেষ খবৰ কঢ়িয়াই অনা টেলিফোনৰ শব্দত। ৰজা বীৰেন্দ্ৰৰ লগতে তেওঁৰ পৰিয়ালৰ আন নজ সদস্যৰ মৃত্যুৰ বাতৰি তেওঁলোকে পাইছিল। নাৰায়ণহিতিৰ ৰাজপ্ৰাসাদত অনুষ্ঠিত এক

৭০