পৃষ্ঠা:প্ৰচণ্ড.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুশ্ব আৰু দেউবাই আলোচনা কৰিছিল।

 মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে দেউবাৰ বৈঠকৰ সময়তে কাকতালীয়ভাৱে ৰয়েল নেপালৰ আৰ্মিয়ে পশ্চিম নেপালৰ এটি মাওবাদী প্ৰশিক্ষণ শিবিৰত স্থলৰ লগতে আকাশমাৰ্গৰ পৰা ভয়াৱহ আক্ৰমণ চলায়। এই আক্ৰমণত শতাধিক মাওবাদী গেৰিলা জালত পৰে। নেপাল চৰকাৰে বিদ্ৰোহীৰ সৈতে যুদ্ধ কৰি থকাৰ সময়তে বুশ্ব প্ৰশাসনে নেপালক ২০ নিযুত মাৰ্কিন ডলাৰ সামৰিক সাহায্য হিচাপে দিবলৈ নিৰ্দেশ দিয়ে।

 ৰাষ্ট্ৰপতি বুশ্বৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱাৰ পাছত দেউবাই ব্ৰিটিছ প্ৰধান মন্ত্ৰী টনী ব্লেয়াৰক লগ কৰিবলৈ পোনে পোনে লণ্ডনলৈ উৰা মাৰে। ব্ৰিটেইনেও অস্ত্ৰ- শস্ত্ৰ তথা অন্যান্য সামগ্ৰীকে ধৰি ১০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্য দিবলৈ সন্মত হয়।

 বুশ্বৰ সৈতে দেউবাৰ বৈঠকৰ তাৎক্ষণিক জবাব দিয়ে মাওবাদীসকলে। বিদ্ৰোহী অধ্যুষিত ৰ’লপাৰ গ্ৰাম অঞ্চলত আৰক্ষী চকী আৰু সেনা ছাউনীত নিশা মাওবাদীসকলে আক্ৰমণ চলাই ১৪০জনতকৈ অধিক নিৰাপত্তাৰক্ষীক নিহত কৰে। বাতৰি মতে, ৮ মে’ৰ দিনা পুৱতি নিশা অতি কমেও ৫০০ পি এল এ যোদ্ধাই আৰক্ষী তথা সেনা শিবিৰটো ঘেৰাও কৰে আৰু কেওপিনৰ পৰা আক্ৰমণ চলায়। ৰয়েল নেপাল আৰ্মিৰ বিষয়াৰ উদ্ধৃতি দি কাঠমাণ্ডুৰ পৰা প্ৰকাশিত বাতৰি কাকতবোৰে বাতৰি প্ৰকাশ কৰে যে মাওবাদী আক্ৰমণত কমেও ১০৫গৰাকী আৰক্ষী কনিষ্টবল আৰু ৩৬গৰাকী সেনা জোৱান নিহত হয়।

 ২২ মে’ত ৰজা জ্ঞানেন্দ্ৰই প্ৰধান মন্ত্ৰীৰ অনুমোদন মৰ্মে মন্ত্ৰী পৰিষদ ভংগ কৰি দিয়ে। লগে লগে দেউবাই সংসদৰ কোনো হস্তক্ষেপ নোহোৱাকৈ নিৰ্বিবাদে কমিউনিষ্ট বিদ্ৰোহীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সুবিধা লাভ কৰে। দেউবাৰ শাসকীয় দল নেপালী কংগ্ৰেছ পাৰ্টিয়ে জৰুৰী অৱস্থাৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰাৰ পাছ মুহূৰ্ততেই মন্ত্ৰী পৰিষদ ভংগৰ এই সিদ্ধান্ত লোৱা হয়।

 ১৩ নৱেম্বৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হয়। ৰজাই নতুন প্ৰধান মন্ত্ৰী নিযুক্তি নিদিয়ালৈকে দেউবাক তেওঁৰ দায়িত্ব চলাই নিবলৈ নিৰ্দেশ দিয়ে। দলৰ নেতৃত্বৰ সৈতে পৰামৰ্শ নকৰাকৈ মন্ত্ৰীসভা ভংগ কৰি দিয়াত দেউবাক তেওঁৰ নেপালী কংগ্ৰেছ পাৰ্টিয়ে বৰ বেয়াকৈ সমালোচনা কৰে আৰু ২৬ মে’ত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়। নেপালী কংগ্ৰেছ পাৰ্টিৰ এই সিদ্ধান্তত হাৰ নামানি, তেওঁ নেপালী কংগ্ৰেছ (ডেম’ক্ৰেটিক) নামেৰে এটা নতুন দল গঠন কৰে। আনহাতে, ২৭ মে’ত ৰুকুম জিলাৰ খোৰা গাঁৱত সেনাবাহিনীৰে হোৱা সংঘৰ্ষত ১০০জনতকৈ

অধিক মাওবাদী বিদ্ৰোহী নিহত হয়। এটাৰ পাছত আন এটাকৈ অভিযানত জয়লাভ

৮২