পৃষ্ঠা:প্ৰচণ্ড.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাকতখনে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰমজীৱী মানুহৰ সংগ্ৰামৰ নানাধৰণৰ প্ৰবন্ধ-নিবন্ধ প্ৰকাশ কৰিছিল। চি পি এন (মাওবাদী) এটা কট্টৰপন্থী কমিউনিষ্ট সংগঠন হিচাপে গঢ় লোৱাত এই কাকতখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কাকতখনে আনকি মাওবাদী আক্ৰমণৰ ফটোসহ চৰজমিন তদন্ত প্ৰতিবেদন প্ৰকাশ কৰিছিল।

 আৰম্ভণিৰ পৰাই প্ৰচণ্ড তথা অন্যান্য জ্যেষ্ঠ মাওবাদী নেতাসকলে ‘জনাদেশ’ত নিয়মীয়াকৈ লিখিছিল। জনযুদ্ধৰ প্ৰাক্‌ক্কালত এই লেখাবোৰৰ জৰিয়তে তেওঁলোকে মাওবাদীৰ প্ৰভাৱ থকা অঞ্চলবোৰৰ জনসাধাৰণক শিক্ষিত কৰি তুলিব বিচাৰিছিল।

 জ্যেষ্ঠ সাংবাদিক তথা ‘জনাদেশ’ৰ মুখ্য সম্পাদক কমল বৰালে কৈছিল যে প্ৰচণ্ডই সদায় বিপ্লৱী সাংবাদিকতাৰ ওপৰত আলোকপাত কৰি আহিছে। তেওঁ কৈছিল—

‘অধ্যক্ষ প্ৰচণ্ডক মই ১৯৯২ চনৰ পৰাই জানো। মই তেতিয়া পোখৰাত
আছিলোঁ। ‘স্বাভিমান' নামৰ এখন বিপ্লৱী বাতৰি কাকত সম্পাদনা
কৰিছিলোঁ। শ্ৰমজীৱী আন্দোলনৰ ওপৰত এলানি বক্তৃতা দিয়াৰ বাবে
তেওঁ তালৈ আহিছিল। তাত তেওঁ মোক নেপালৰ কমিউনিষ্ট
আন্দোলনটোক আগুৱাই নিয়াৰ বাবে প্ৰয়োজন হোৱা শক্তিশালী সংবাদ
মাধ্যমৰ গুৰুত্বৰ বিষয়ে কৈছিল।’

 কিন্তু জনযুদ্ধৰ আৰম্ভণি সময়ছোৱাত, ‘জনাদেশ’ প্ৰকাশৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। বিশেষকৈ জৰুৰী অৱস্থাৰ সময়ত। দেশৰ বিভিন্ন প্ৰান্তৰ ভালেমান সংবাদকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু তৎসত্ত্বেও প্ৰচণ্ডই কাকতখনৰ তিনিটা সংস্কৰণ ক্ৰমে পূব, মধ্য আৰু পশ্চিম অঞ্চলৰ পৰা প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল।

 জনযুদ্ধৰ ভৰপক সময়ত, কাকতখনৰ পূব সংস্কৰণটো সম্পাদনা কৰিছিল গোবিন্দ আচাৰ্যই। পূব সংস্কৰণটো মূলতঃ খোটাং, ভোজপুৰ, চলুখুম্বু, টেহৰামুখ আৰু টাপলিজাং জিলাত প্ৰচলন হৈছিল। ‘জনাদেশ’ৰ কেন্দ্ৰীয় সংস্কৰণটোৰ সম্পাদক আছিল মহেশ্বৰ দাহাল আৰু এই সংস্কৰণটো সিন্ধুলী, কাৱৰী, নোৱাকট, ধাদিং আৰু চিটৱানত বেছিকৈ বিক্ৰী হৈছিল।

 কিন্তু কেন্দ্ৰীয় অঞ্চলত আৰু কাঠমাণ্ডু উপত্যকাত ব্যাপক হাৰত নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ বাবে ‘জনাদেশ’ বিক্ৰী কৰাটো বৰ কষ্টকৰ আছিল।

 সাপ্তাহিকখনৰ পশ্চিম সংস্কৰণটোৰ সম্পাদক আছিল ওম দাহাল আৰু এই সংস্কৰণটোৰ ৰ’লপা, ৰুকুম, জাজাৰকট, উটি তথা আন কেইবাখনো চুবুৰীয়া জিলাত ভালেমান পাঠক আছিল। জৰুৰী অৱস্থাৰ সময়ত তিনিওটা সংস্কৰণৰ বাতৰিয়েই ইন্টাৰনেটত উপলব্ধ হৈছিল।

 ‘জনযুদ্ধৰ সময়’ত ‘জনাদেশ’ৰ প্ৰকাশৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে

৯৯