পৃষ্ঠা:প্ৰচণ্ড.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু বাৰগৰাকী মাওবাদী বিদ্ৰোহী নিহত হয়। মাওবাদীয়ে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা ভালেসংখ্যক অস্ত্ৰ আৰু গুলী-বাৰুদ লুট কৰি নিবলৈ সক্ষম হয়।

 ইয়াৰ মাজতে সকলোকে আচৰিত কৰি ২১ অক্টোবৰত প্ৰচণ্ডই ঘোষণা কৰে যে তেওঁৰ সংগঠনে হিংসা আৰু ধ্বংসাত্মক কাৰ্যকলাপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰচণ্ডই এনে সিদ্ধান্ত লোৱাৰ কাৰণ আছিল নেপালৰ প্ৰায় আঠ বছৰীয়া বিদ্ৰোহী কাৰ্যকলাপৰ পাছত দেশখনৰ মানৱ অধিকাৰ সংগঠনসমূহৰ লগতে নাগৰিক সমাজে কট্টৰ সাম্যবাদী বিদ্ৰোহী সংগঠনটোৱে অব্যাহত ৰখা হিংসা-হত্যালীলা আৰু দেশখনৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ বাবে বেয়াকৈ সমালোচনা কৰিছিল। পলিটব্যুৰ’ সভাত লোৱা সিদ্ধান্তৰ কথা উল্লিখিত এটা বিবৃতিত মাওবাদী প্ৰধানজনে প্ৰকাশ কৰে যে মাওবাদীসকলে আন ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে নিম্নপৰ্যায়ৰ সেনা আৰু আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে শাৰীৰিক আক্ৰমণ নচলায়। প্ৰচণ্ডই নিম্ন পৰ্যায়ৰ সেনা আৰু আৰক্ষী কনিষ্টবলসকলক চাকৰি বাদ দি জনতাৰ কল্যাণৰ কাৰ্যত নিজকে জড়িত কৰিবলৈ আহ্বান জনাইছিল। তেওঁ দাবী জনাইছিল যে চাকৰি বাদ দিলে এনে কনিষ্টবলসকলৰ পৰিয়ালক চোৱা-চিতাৰ দায়িত্ব মাওবাদীসকলে গ্ৰহণ কৰিব।

 মাওবাদী প্ৰধানজনে লগতে ঘোষণা কৰিছিল যে সংগঠনটোৱে সাধাৰণ জনতাৰ পৰা কোনোধৰণৰ দান-বৰঙণি সংগ্ৰহ নকৰে। অৱশ্যে পলিটব্যুৰ’ৰ সভাত বৃহৎ ব্যৱসায়, উদ্যোগপতি আৰু পৰিবহণ ব্যৱসায়ীসকলৰ ওপৰত কৰ বহুৱাবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ লগতে সংবাদ মাধ্যমৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু সংগঠনটোৰ পলিটব্যুৰ’ৰ সদস্য কৃষ্ণ বাহাদুৰ থাপাক সংগঠনৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিছিল।

 এই সময়ছোৱাৰ ভিতৰতে প্ৰচণ্ডই ঘোষণা কৰে যে মাওবাদীসকলে গ্ৰামাঞ্চলসমূহত জনগোষ্ঠীয় আঞ্চলিক চৰকাৰ গঠন কৰিছে। সংগঠনটোৱে লগতে ভাৰত, চীন তথা অন্যান্য দেশবোৰক তেওঁলোকৰ সমৰ্থন আৰু সহযোগিতা আগবঢ়াবলৈ আনুষ্ঠানিকভাৱে আহ্বান জনাবলৈ সিদ্ধান্ত লয়। সংগঠনটোৱে এনে আহ্বান জনাইছিল যদিও, সংগঠনটোক অস্বস্তিত পেলাই মাওবাদী বিদ্ৰোহীসকলে ২৫ অক্টোবৰত বাগলুং জিলাৰ লেখালী নামৰ আওহতীয়া গাঁওখনৰ পৰা ব্ৰিটিছ সেনা বিষয়া কৰ্নেল এড্ৰিয়ান গ্ৰিফিট আৰু ছয় নেপালী নাগৰিকক অপহৰণ কৰে ব্ৰিটিছ গোৰ্খাত নেপালী যুৱকক নিযুক্তি দিয়াৰ বাবে। নেপালত থকা গ্ৰিফিটক অপহৰণৰ ৪৮ ঘণ্টাৰ ভিতৰতে কমিউনিষ্ট বিদ্ৰোহীসকলে মুকলি কৰি দিয়ে।

 অপহৰণৰ ঘটনাটোৰ বাবে প্ৰচণ্ডই ক্ষমা বিচাৰে আৰু বিদ্ৰোহী নীতি ভংগ কৰাৰ ঘটনাটোৰ তদন্ত কৰা হ’ব বুলি কয়। তেওঁ কয় যে সংগঠনৰ নীতি অনুসৰি বিদেশী

৯১