পৃষ্ঠা:প্ৰচণ্ড.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিপ্ৰেক্ষিতত, দেউবাই পাঁচদিনীয়া ভ্ৰমণসূচী লৈ নতুন দিল্লীত উপস্থিত হয়। ভাৰতৰ প্ৰধান মন্ত্ৰী ড° মনমোহন সিঙৰ সৈতে হোৱা আলোচনাত প্ৰধান মন্ত্ৰী ড° সিঙে নেপালৰ আৰক্ষীকে ধৰি নেপালৰ নিৰাপত্তা বাহিনীসমূহক সহায় কৰাৰ আশ্বাস দিয়ে। দেউবাৰ ভাৰত ভ্ৰমণৰ অন্তত প্ৰকাশিত এটা যুটীয়া বিবৃতিত কোৱা হয়—

‘সন্ত্ৰাসবাদ দমন কৰিবলৈ দুয়োখন দেশৰ প্ৰধান মন্ত্ৰীয়ে (দেউবা আৰু
মনমোহন সিং) দৃঢ় সংকল্প লৈছে। উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ
প্ৰতিহত কৰাৰ কাৰণে দুয়োখন দেশে সহযোগিতা কৰিবলৈ সন্মত
হৈছে। এইক্ষেত্ৰত বৰ্তমান দুয়োখন দেশৰ মাজত যিধৰণে তথ্যৰ
আদান-প্ৰদান তথা অস্ত্ৰ যোগান আৰু প্ৰশিক্ষণ চলি আছে তাত
তেওঁলোকে সন্তোষ প্ৰকাশ কৰে। প্ৰধান মন্ত্ৰী দেউবাই নেপালে মাওবাদী
বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত ভাৰতে আগবঢ়োৱা সহায়ৰ সমৰ্থনৰ বাবে
ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।’

 ২৩ ছেপ্টেম্বৰত প্ৰধান মন্ত্ৰী দেউবাই মাওবাদী নেতৃত্বক আলোচনাৰ মেজলৈ আহিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়। কিন্তু তেওঁৰ আহ্বানৰ ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰতে, অধ্যক্ষ প্ৰচণ্ডই আলোচনাৰ প্ৰস্তাৱ নাকচ কৰে। আৰু আলোচনা অনুষ্ঠিত কৰাৰ বাবে দেউবাই চৰকাৰৰ বৈধতাক লৈ প্ৰশ্ন তোলে।

 মাওবাদীসকলে আলোচনাৰ মেজত বহিবলৈ অস্বীকাৰ কৰাত ক্ষুব্ধ হৈ ৰজা জ্ঞানেন্দ্ৰই ১৪ অক্টোবৰত, মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ (নিয়ন্ত্ৰণ আৰু শাস্তি) অধ্যাদেশখন উত্থাপন কৰে। এয়া আছিল দ্বিতীয়বাৰৰ বাবে অধ্যাদেশৰ জৰিয়তে উত্থাপন কৰা সন্ত্ৰাসবাদবিৰোধী আইন। অধ্যাদেশখন প্ৰৱৰ্তনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাঠমাণ্ডুৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ই-মেইল বিবৃতিত প্ৰচণ্ডই অভিযোগ কৰে যে শান্তি আলোচনাৰ গইনা লৈ চৰকাৰে এখন ভয়ানক যুদ্ধৰ প্ৰস্তুতি চলাইছে।

 ‘দ্য ছাইন’ৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ১৫ অক্টোবৰত মাওবাদীসকলে নেপালৰ এই অন্যতম ডাঙৰ উৎসৱ কাৰণে সকলোধৰণৰ অভিযান বন্ধ কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাৰ চাৰিদিন পাছতে উপ প্ৰধান মন্ত্ৰী ভাৰত মোহন অধিকাৰীয়ে কয় যে মাওবাদীসকল যদি আলোচনাৰ মেজলৈ আহিবলৈ সন্মত হয়, তেতিয়াহ’লে চৰকাৰে তেওঁলোকৰ ওপৰত থকা ৰেড কৰ্নাৰ নটিচকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদীৰ ছাপপ্ৰত্যাহাৰ কৰিবলৈ সাজু। অধিকাৰীয়ে লগতে নেপাললৈ স্থায়ী শান্তি অনাৰ বাবে মাওবাদীসকলক আলোচনাত বহিবলৈ আহ্বান জনায়।

 কিন্তু মাওবাদীসকলে চৰকাৰৰ লগত কোনোধৰণৰ আলোচনাত বহিবলৈ অস্বীকাৰ

১১৬