পৃষ্ঠা:প্ৰচণ্ড.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমি যুদ্ধবিৰতি ঘোষণা কৰাৰ কাৰণেই ৰাষ্ট্ৰসংঘৰ সন্মিলনত উপস্থিত থাকিব পৰা নাছিল। আৰু সিয়ে দেশখনৰ সমগ্ৰ দৃশ্যপট সলনি কৰি পেলাইছিল। মই ভাবোঁ, মই লোৱা সিদ্ধান্তবোৰৰ ভিতৰত সেইটো আটাইতকৈ উচিত সিদ্ধান্ত আছিল।’

 অৱশেষত, ২০০৫ চনৰ ১৭ নৱেম্বৰত সাতদলীয় মৰ্চা আৰু কমিউনিষ্ট পাৰ্টি অব নেপালৰ মাজত ঐতিহাসিক ১২ দফীয়া চুক্তি স্বাক্ষৰিত হয়। আৰু তেওঁলোকে নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটাবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। চুক্তি অনুসৰি দেশখনৰ পূৰ্ণ পৰ্যায়ৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব আৰু ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শ্ৰেণী জনগোষ্ঠী আৰু লিংগ বিষয়ক সমস্যাবোৰৰ সমাধানৰ কাৰণে ৰাষ্ট্ৰৰ গাঁথনি সম্পূৰ্ণৰূপে সলনি কৰা হ’ব।

 মাওবাদীসকলে বহুদলীয় গণতান্ত্ৰিক ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছিল আৰু ৰাষ্ট্ৰসংঘ বা তেনেধৰণৰ যিকোনো বিশ্বাসযোগ্য সংস্থাৰ তত্ত্বাৱধানত অস্ত্ৰ সম্বৰণ কৰিবলৈ সিদ্ধান্ত লৈছিল৷ ৰাজনৈতিক দলবোৰৰ লগতে মাওবাদীসকলে ২০০৬ চনৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৌৰসভাৰ নিৰ্বাচন আৰু ২০০৭ চনৰ এপ্ৰিল মাহৰ মাজভাগত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচন বৰ্জন কৰাৰ লগতে এই নিৰ্বাচনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছিল। সংসদীয় নিৰ্বাচনৰ বিপৰীতে তেওঁলোকে বিধান পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল।

 জালানাথ খানালে কয় যে সাতদলীয় মৰ্চাৰ নেতৃত্বত গঢ়ি উঠা গণ আন্দোলনৰ প্ৰতি সমৰ্থন দিয়াৰ সিদ্ধান্তটো ৰাজনৈতিক দলসমূহৰ কাৰণে অত্যন্ত উৎসাহজনক কথা আছিল। এই বিষয়ে তেওঁ কয়—

‘১২ দফীয়া চুক্তি নেপালৰ ৰাজনৈতিক ইতিহাসৰ এটা অতি উল্লেখযোগ্য
ঘটনা। প্ৰচণ্ডৰ নমনীয়তাৰ কাৰণে মাওবাদীসকলৰ লগত আমাৰ
বুজাবুজি সম্ভৱ হৈছিল। সঁচাকৈ তেওঁ এজন গতিশীল নেতা।’

 চিটাউলাৰ মতে, চুক্তি স্বাক্ষৰ কৰাক লৈ নেপালৰ সাধাৰণ মানুহৰ মাজত সন্তুষ্টি প্ৰকাশ পোৱা দেখা গৈছিল। কিন্তু খুব কম মানুহেহে গম পাইছিল যে ১২ দফীয়া চুক্তিপত্ৰখনৰ চূড়ান্ত খচৰা নতুন দিল্লীত প্ৰস্তুত কৰা হৈছিল আৰু কাঠমাণ্ডুকে ধৰি বেলেগ বেলেগ ঠাইত ইয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হৈছিল। চিটাউলাৰ ভাষাত—

‘খচৰাখনৰ চূড়ান্ত অনুমোদনৰ পাছত, প্ৰচণ্ডই ভাৰতত এইখনত স্বাক্ষৰ
কৰিছিল আৰু চুক্তিপত্ৰখনৰ এটা কপি লৈ লৈছিল। গিৰিজা বাবু
(গিৰিজাপ্ৰসাদ কৈৰালা) আৰু অন্য দলসমূহৰ নেতাসকলে স্বাক্ষৰ
কৰাৰ কাৰণে চুক্তিপত্ৰখন লৈ মই দিল্লীৰ পৰা কাঠমাণ্ডুলৈ আহিছিলোঁ।’

 নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবা যিহেতু সেই সময়ত জে’লত আছিল, সেয়ে চিটাউলাই তেওঁৰ পৰা অনুমোদন কৰাই লোৱাৰ বাবে তালৈ গৈছিল। দেউবাৰ দলৰ হৈ জ্যেষ্ঠ নেতা গোপাল মান সিঙে স্বাক্ষৰ কৰিছিল। সেই সময়ত মাত্ৰ

১২৪