পৃষ্ঠা:প্ৰচণ্ড.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছবিলালৰ পৰা পুষ্প কমললৈ

 কাস্কি পাহাৰে আৱৰি ৰখা পশ্চিম নেপালৰ লিৱাদি নামৰ গাঁওখন পাহাৰীয়া অঞ্চলটোৰ আন গাঁওবোৰৰ দৰেই এখন সাধাৰণ গাঁও। নৈসৰ্গিক শোভাৰে ভৰা ব্যস্ত নগৰ পোখাৰাৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত এই গাঁওখনলৈ সময়ৰ সোঁতত সামান্য পৰিৱৰ্তন আহিছে। গাঁওখনৰ ভালেমান মানুহ সেউজীয়া পথাৰৰ সন্ধানত অইন ঠাইলৈ যাবলৈ বাধ্য হৈছে। আচৰিত যেন লাগিলেও আনকি আজিও গাঁওখনৰ মানুহবোৰৰ জীৱন-নিৰ্বাহৰ একমাত্ৰ পথ হ’ল এঢলীয়া মাটিত খেতি কৰা আৰু ম’হ পোহা। এই গাঁওখনৰ তেনেকুৱা এখন খেতিপথাৰতেই ১৯৫৪ চনৰ ১১ ডিচেম্বৰৰ দিনা মুক্তিৰাম দাহালৰ এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল।

 ল’ৰা সন্তানটো জন্মৰ সেই সময়ছোৱা আছিল গোটেই পৰিয়ালটোৰ বাবে ভয়, উৎকণ্ঠা-উত্তেজনাৰে ভৰা এক শ্বাসৰুদ্ধকৰ মুহূৰ্ত। সময়তকৈ বহুত আগেয়ে জন্ম পোৱা ল'ৰাটোৰ জন্মৰ পূৰ্বে প্ৰায় ৭২ ঘণ্টাজুৰি মাকৰ অসহ্যকৰ প্ৰসৱ বেদনা হৈছিল। গাঁৱৰ বয়োজ্যেষ্ঠ মানুহবোৰে মুক্তিৰামক কবিৰাজ আৰু ৰাজ্যিক চিকিৎসালয়ৰ পৰা চিকিৎসক মাতিবলৈ পৰামৰ্শ দিছিল, যাতে তেওঁ সেই সহ্যাতীত যন্ত্ৰণাৰ পৰা উপশম

১৬