পৃষ্ঠা:প্ৰচণ্ড.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমীয়ে (বৰ্তমানৰ নেপালী সৈনিক) হেলিকপ্তাৰৰ সহায়ত আঘাতপ্ৰাপ্ত গুলি, কৰ্মীসকলক উদ্ধাৰৰ নিমিত্তে বাওনা হৈছিল।

 জিলা মুখ্য পুলিচ আৰক্ষী চকীত আক্ৰমণ সংঘটিত কৰি কেইবাজনো পুলিছ কৰ্মীক হত্যা কৰিবলৈ সক্ষম হোৱা অভিযানটোৰ সফলতাত উৎফুল্লিত হৈ প্ৰচণ্ড তেওঁৰ দলীয় কেদাৰ আৰু বিদ্ৰোহীসকলক অভিনন্দন জ্ঞাপন কৰিছিল। এই অভিনন্দন বাৰ্তাত তেওঁ কৈছিল—

‘বহু মানুহে দুনাই অভিযানটোৰ আঁৰত মোৰ হাত আছে বুলি ভাবিছিল।
কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে প্ৰত্যেক তাভিযানৰ আঁচনি
মুখ্য কাৰ্যালয়ত প্ৰস্তুত কৰা হয় আৰু সেইমতেই সকলো প্ৰস্তুতি
চলোৱা হয়। অৱশ্যে কেতিয়াবা জৰুৰীকালীন সময়ত কেডাৰসকলে
নিজাববীয়াকৈ সিদ্ধান্ত লয়।’

 মাওবাদীৰ ‘স্পেচিয়েল শ্বক’ অভিযান জনযুদ্ধৰ ষষ্ঠটো আক্ৰমণ আছিল। প্ৰচণ্ড এনে অভিযানৰ উপৰি গাঁৱৰ পৰা আক্ৰমণ চলোৱাটো বিচাৰিছিল। কিন্তু এই আক্ৰমণ নগৰ অঞ্চলৰ পৰাহে আৰম্ভ হৈছিল। ‘ৰিভলিউশ্যনাৰী ৱৰ্কাৰ্ছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰচণ্ডই কৈছিল—

‘সেই সময়ত ৰাজধানী চহৰখন আক্ৰমণ কৰাৰ উদ্দেশ্য আমাৰ নাছিল।
এনে আক্ৰমণ সংঘটিত কৰি আমি বৌদ্ধিক মহলৰ সমৰ্থন হেৰুৱাব
বিচৰা নাছিলোঁ। ৰাজধানী চহৰ বা আন চহৰত দলৰ সৈতে কাম কৰি
থকা বৌদ্ধিক মহলৰ সমৰ্থন আমাৰ বাবে প্ৰয়োজনীয় আছিল আৰু
তেওঁলোকে চহৰ এৰি পলায়ন কৰাটো আমি বিচৰা নাছিলোঁ।’

 গণযুদ্ধৰ সময়ছোৱাত মাও বিদ্ৰোহীসকল নিজৰ অভিযান সন্দৰ্ভত সদায় দৃঢ়বিশ্বাসী আছিল। তেওঁলোকক কেতিয়াও হতাশাগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হোৱা নাছিল।

 ‘ৰিভলিউশ্যনাৰী ৱৰ্কাৰ্ছ’ নামৰ এক আলোচনীৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰচণ্ডই কৈছিল—

‘এই গণযুদ্ধখনৰ এটা ডাঙৰ সফলতা হ’ল যে ইয়াৰ জৰিয়তে সাধাৰণ
জনতাই তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছিল। এই
দিশত মাওৰ এক উল্লেখযোগ্য বৰঙণি আছিল। তেওঁ আমাক এই
সংগ্ৰাম চলাই নিবলৈ অনুপ্ৰাণিত কৰিছিল। এই দীঘলীয়া গণ সংগ্ৰামখন
সাধাৰণ জনতাৰ বাবে নিজকে এক নতুন সমাজ প্ৰতিষ্ঠাৰ বাবে
ধাৱিত হোৱাৰ দিশত প্ৰশিক্ষণস্বৰূপ হৈ পৰিছিল।’

 আন্দোলনটোৰ আৰম্ভণিৰ পৰাই মাওবাদীসকলে লিংগ সমতাৰ ওপৰত যথেষ্ট

৬৪