পৃষ্ঠা:প্ৰচণ্ড.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০

বিদ্ৰোহী আক্ৰমণ আৰম্ভ

 শ্বেৰ বাহাদুৰ দেউবা চৰকাৰ আৰু মাওবাদীসকলৰ মাজৰ যুদ্ধবিৰতি মাত্ৰ চাৰিমাহহে আছিল। কাৰণ দুয়োপক্ষৰ মাজত অনুষ্ঠিত আলোচনা তিনিলানিতো বিধান পৰিষদ আৰু গণৰাজ্যৰ যি দাবী মাওবাদীসকলে উত্থাপন কৰিছিল সেই সন্দৰ্ভত কোনো সমাধান সূত্ৰ নোলাল। ২০০১ চনৰ ২১ নৱেম্বৰত প্ৰচণ্ডই একপক্ষীয়ভাৱে যুদ্ধবিৰতিৰ সামৰণি ঘোষণা কৰি কয় যে তেওঁৰ দলে শান্তি আলোচনাৰ পৰা আঁতৰি আহিছে, কাৰণ এই আলোচনাত তেওঁ কোনো ৰাজনৈতিক সমাধান দেখা নাই।

 ৰজা জ্ঞানেন্দ্ৰ আৰু প্ৰধান মন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই মাওবাদীসকলৰ দাবীৰ প্ৰতি যিধৰণৰ দাম্ভিক আচৰণ প্ৰদৰ্শন কৰিলে— সেই আচৰণক এক কঠোৰ সকীয়নি দিয়াৰ উদ্দেশ্যে ২০ নৱেম্বৰৰ নিশা মাওবাদী বিদ্ৰোহীসকলে সমগ্ৰ দেশতে আৰক্ষী-সেনা তথা অন্যান্য প্ৰতিষ্ঠানৰ ওপৰত এলানি আক্ৰমণ আৰম্ভ কৰে।

 মধ্য পশ্চিম নেপালৰ ডেঙত থকা সামৰিক ঘাটি মাওবাদী বিদ্ৰোহীসকলে অধিকাৰ কৰে আৰু সেনা কোম্পানীটোৰ অধিনায়কজনৰ সৈতে তেৰগৰাকী সেনা জোৱানক হত্যা কৰে। লগতে ১২ ট্ৰাকতকৈও বেছি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি নিয়ে। উল্লেখযোগ্য যে সেয়া আছিল মাওবাদীসকলে তেওঁলোকৰ বিদ্ৰোহৰ সময়ছোৱাত

৭৩