পৃষ্ঠা:প্ৰচণ্ড.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
সহযোগী আৰু সহযোদ্ধাসকলৰ
দৃষ্টিত ‘প্রচণ্ড’'

 জীৱনৰ ২৫ বছৰ কাল আত্মগোপন কৰি থকা বা পলাই থকা ব্যক্তিজনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যিসকল লোকৰ সম্পৰ্ক হৈছিল তাৰ অধিকাংশই তেওঁক এজন ভাল নেতা আৰু দায়বদ্ধ ব্যক্তি বুলি ক'ব খোজে।

 প্রচণ্ডৰ গুণমুগ্ধসকলৰ ভিতৰত এজন হ’ল নেপালৰ বৰ্ষীয়ান গণতান্ত্রিক নেতা ৰাম ৰাজা প্ৰসাদ সিং। '৮০ৰ দশকত ৰাজতন্ত্ৰৰ বিৰুদ্ধে সশস্ত্র আন্দোলন আৰম্ভ কৰি সিং প্রখ্যাত হৈ উঠিছিল। তেৰাইৰ পূৰ্বাঞ্চলত অৱস্থিত সাপটাৰি জিলাত জন্মগ্রহণ কৰা গণতন্ত্রকামী বিপ্লৱী নেতাজনক কাৰাদণ্ড দিয়া হৈছিল তেওঁৰ পিতৃ ৰাণা শাসকগোষ্ঠীৰ বিৰুদ্ধে সংগ্ৰামত জড়িত থকাৰ অপৰাধত। জীৱনৰ পিছৰফালে সিং গণতন্ত্র প্রতিষ্ঠাৰ বাবে তেওঁৰ পিতৃ জয়া মংগল প্রসাদ সিঙে কৰা সংগ্ৰামৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

 উচ্চশিক্ষিত সিঙে পাটনা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ‘আইন'ৰ স্নাতক ডিগ্রী লাভ

১৭৯