পৃষ্ঠা:প্ৰচণ্ড.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাওবাদী নেতাসকলে বিশেষকৈ প্ৰচণ্ডই জনযুদ্ধৰ বাবে লাভজনক সকলো আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শ গ্ৰহণ কৰিবলৈ সেই সময়ত সাজু আছিল। লাতিন আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ বিদ্ৰোহীসকলৰ পৰা নেপাললৈ ভালেমান পৰামৰ্শ আহিছিল। কিন্তু প্ৰচণ্ডই জনযুদ্ধৰ ব্যৱহাৰিক পাঠ মূলতঃ লাভ কৰিছিল ভাৰতৰ পৰা। তেওঁ ভাৰতীয় সেনাৰ প্ৰাক্তন গোৰ্খা জোৱানসকলৰ পৰা গেৰিলা যুদ্ধৰ প্ৰাথমিক কৌশল আহৰণ কৰিছিল। বিহাৰ আৰু ঝাৰখণ্ডৰ আন্দোলনক একেবাৰে কাষৰ পৰা অধ্যয়ন কৰাৰ বাবে তেওঁ ভাৰতত আছিল। এই সন্দৰ্ভত প্ৰচণ্ডই কয়—

‘মই মাওৱিষ্ট কমিউনিষ্ট চেণ্টাৰৰ লগত অহৰহ যোগাযোগ অব্যাহত
ৰাখিছিলোঁ আৰু প্ৰশিক্ষণৰ বাবে বিহাৰৰ পালামাও জিলালৈ গৈছিলোঁ।

 লগতে তেওঁ সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰাৰ ক্ষেত্ৰত মুখামুখি হোৱা সমস্যাবোৰ বিষয়ে জ্ঞান লাভ কৰাৰ বাবে ভাৰতীয় মাওবাদী কাৰ্যকলাপৰ ৰম্যভূমি দক্ষিণ ভাৰতৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ ভালেমান জিলা ভ্ৰমণ কৰিছিল। আৰু তাত লাভ কৰা সেই প্ৰশিক্ষণবোৰেই তেওঁক অস্ত্ৰৰ ব্যৱহাৰ আৰু সামৰিক অভিযানৰ পৰিকল্পনা কৰিব পৰা এজন নিপুণ যোদ্ধাত পৰিণত কৰিছিল।

 ভাৰতত থকা সময়ত প্ৰচণ্ডই কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাওৱিষ্ট)ৰ সাধাৰণ সম্পাদক কমৰেড গণপতিৰ লগত নিবিড় সম্পৰ্ক গঢ়ি তুলিছিল। নেপালৰ জনযুদ্ধৰ সময়তে, দুয়োগৰাকী নেতাই মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষক তেওঁলোকৰ নীতিৰ বাবে সমালোচনা কৰি কেইবাবাৰো যুটীয়া বিবৃতি দিছিল। প্ৰচণ্ডই স্বীকাৰ কৰিছে যে তেওঁৰ দলে নেপালৰ আৰক্ষী আৰু ৰয়েল নেপাল আৰ্মিৰ পৰা অস্ত্ৰ লোৱাৰ বাহিৰেও ভাৰতৰ পৰা অস্ত্ৰ লাভ কৰিছিল।

 ২০০১ চনত নেপালৰ মাওবাদীসকলে পিপুলছ্ ৱাৰ গ্ৰুপ (পি ডব্লিউজি)ৰ নৱতম মহাসভালৈ জ্যেষ্ঠ নেতা চি পি গুজৰালক প্ৰেৰণ কৰিছিল। বাতৰি ওলাইছিল যে মাওবাদী আৰু পি ডব্লিউ জিয়ে উত্তৰ বিহাৰ আৰু নেপাল-ভাৰত সীমান্তত তেওঁলোকৰ বিদ্ৰোহী কাৰ্যকলাপ চলোৱাৰ বাবে ইণ্ডো-নেপাল বৰ্ডাৰ ৰিজিয়ন কমিটী নামেৰে এখন সমিতি গঠন কৰিছিল। ২০০২ চনৰ আগষ্টত ‘ৰিভলিউশ্যনাৰী ব্ৰিটিছ’ নামৰ এখন আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰচণ্ডই কৈছিল যে নেপালত মাওবাদীসকলে বাংলাদেশৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছিল আৰু শ্ৰীলংকাৰ বিদ্ৰোহৰ পৰাও কিছু জ্ঞান লাভ কৰিছিল।

‘ছাউথ এছিয়ান কনফাৰেন্সত আমি অংশগ্ৰহণ কৰিছিলোঁ। একে সময়তে
আমি ভাৰতীয় সাম্যবাদীসকলৰ লগতে বিশেষকৈ পিপুলছ্‌ ৱাৰ (পি
ডব্লিউ) আৰু মাওবাদী কমিউনিষ্ট চেণ্টাৰ (এম চি চি) নামৰ বিদ্ৰোহী

৯৪