পৃষ্ঠা:প্ৰচণ্ড.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰ’লপাৰ পৰা আহি বাবুৰাম ভট্টৰাই নতুন দিল্লীত উপস্থিত হৈছিল আৰু আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। প্ৰাৰম্ভিক আলোচনাৰ প্ৰতিটো কথাই ব’লপাত থকা প্ৰচণ্ডক জনাই থকা হৈছিল আৰু তেওঁৰ পৰা পৰামৰ্শ লোৱা হৈছিল। ইয়াৰ মাজতে নেপালী কংগ্ৰেছৰ শেখৰ কৈৰালা, কমিউনিষ্ট পাৰ্টি অৱ নেপালৰ জালানাথ খানালকে ধৰি আন কেইগৰাকীমান নেতা আহি নতুন দিল্লীত উপস্থিত হৈছিল। আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে খুব কম সময়ৰ ভিতৰতে দক্ষিণ দিল্লীৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ সমীপত এটি কাৰ্যালয় স্থাপন কৰিছিল।

২০০৫ চনৰ এপ্ৰিলত নেপালী কংগ্ৰেছৰ সভাপতি গিৰিজাপ্ৰসাদ কৈৰালায়ো চিকিৎসাৰ বাবে অহাৰ ভাও লৈ নতুন দিল্লীত উপস্থিত হয়। প্ৰচণ্ডয়ো ভাৰতৰ ৰাজধানীত উপস্থিত হয়। লগে লগে এখন সভা অনুষ্ঠিত কৰিবলৈ ঠিক কৰা হয়। প্ৰচণ্ডই গিৰিজাপ্ৰসাদ কৈৰালাক আলোচনাৰ বাবে ৰ’লপালৈ আমন্ত্ৰণ জনাইছিল যদিও কৈৰালাই ৰ’লপালৈ যাবলৈ অস্বীকাৰ কৰে। সেয়ে মাওবাদী প্ৰধানজনে ১১ দিনৰ কাৰণে নতুন দিল্লীলৈ আহিবলগীয়া হয়। চিটাউলাই এই বিষয়ে কয়—

‘প্ৰচণ্ডক লগ কৰাৰ উদ্দেশ্যে আমি নয়দালৈ গাড়ী চলাই গৈছিলোঁ।
তেওঁক লগ পোৱা মোৰ এয়াই প্ৰথম আছিল। তেওঁৰ বিষয়ে মই
ঢেৰ কথা শুনিছিলোঁ যদিও মই কেতিয়াও তেওঁৰ মুখামুখি হোৱা
নাছিলোঁ। সিদিনা বেছি সময় আলোচনা হোৱা নাছিল। কিন্তু আমি
দুয়োপক্ষই ৰজাৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত ঐকমত্যত উপনীত হৈছিলোঁ।’

 গিৰিজাপ্ৰসাদ কৈৰালা আৰু প্ৰচণ্ড অৱশ্যে আগৰ পৰাই ইজনে সিজনৰ সুপৰিচিত আছিল। ২০০০ চনত যেতিয়া গিৰিজাপ্ৰসাদ কৈৰালাই বেইজিঙৰ পৰা হংকং হৈ ঘৰলৈ উভতিছিল তেতিয়া নতুন দিল্লীত ইজনে সিজনক যোগাযোগ কৰিছিল। ৰক্কাৰ মতে প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায়ে কৈৰালাক প্ৰস্তাৱ দিছিল যে যদিহে তেওঁ মাওবাদীসকলৰ গণৰাজ্য আৰু বিধান পৰিষদৰ দাবীৰ প্ৰতি নেপালী কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলে সমৰ্থন দিয়ে তেতিয়া তেওঁক নেপালৰ প্ৰথম ৰাষ্ট্ৰপতি পাতিব। কিন্তু গণৰাজ্যৰ দাবীৰ প্ৰতি কৈৰালা সিমান উৎসাহী নাছিল। তৎসত্ত্বেও তেওঁলোকৰ মাজৰ আলোচনা যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ আছিল আৰু প্ৰচণ্ডই ৰাজনৈতিক দলসমূহৰ সৈতে মিলি কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এইবিষয়ে চিটাউলাই কয়— ‘প্ৰথমবাৰৰ বাবে মই যেতিয়া তেওঁক দেখিছিলোঁ, তেতিয়া তেওঁক লক্ষ্য আৰু আদৰ্শৰ প্ৰতি দায়বদ্ধ এজন অতি সৰল আৰু আৱেগিক মানুহ যেন লাগিছিল। এটা বিদ্ৰোহী সংগঠনৰ নেতাৰ দৰে তেওঁ আচৰণ কৰা নাছিল।’

 ২০০৫ চনৰ এপ্ৰিলত নতুন দিল্লীত থকা সময়ছোৱাত কৈৰালাই ভাৰতৰ প্ৰধান মন্ত্ৰী ড° মনমোহন সিং, কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল

১২১