পৃষ্ঠা:প্ৰচণ্ড.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নেপালৰ পৰা যোৱা ৰাজনৈতিক নেতৃবৃন্দৰ আগত ছুইজাৰলেণ্ডৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ যুৱ অধ্যাপকসকলে ‘ফেডাৰেলিজিম’ৰ ওপৰত প্ৰদান কৰা বক্তৃতালানিয়ে প্রচণ্ডক আনন্দিত কৰিছিল। কাৰণ নেপালৰ ৰাজনৈতিক নেতৃবৃন্দই দেশখনক এখন ফেডাৰেল ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰিবলৈ লোৱা আঁচনিৰ পৰিপ্ৰেক্ষিতত ‘ফেডাৰেলিজম’ বিষয়ক বক্তৃতালানি গুৰুত্বপূৰ্ণ আছিল। আচলতে নৃগোষ্ঠীৰ ভিত্তিত গঠিত ছুইজাৰলেণ্ডৰ ‘ফেডাৰেলিজিম’ৰ আৰ্হিটোৰ পৰা নেপালে বহু শিক্ষা ল'বলগীয়া আছিল। দেৱকোতাই কয়— ‘ফেডাৰেলিজম বিষয়ক তত্ত্বগধুৰ বক্তৃতা শুনাৰ পাছত, স্মাৰ্ট নাতিয়েকে বৃদ্ধ ককাকক ৰাজনীতি শিকাবলৈ অত্যুৎসাহী হোৱা বুলি তেওঁ (প্ৰচণ্ড) টিপ্পনী মাৰিছিল।'

 সপ্তাহজোৰা ছুইজাৰলেণ্ড ভ্ৰমণকালত প্ৰচণ্ডই বজাৰ-সমাৰ কৰিবলৈ যোৱা নাছিল আৰু অধ্যয়নমূলক ভ্ৰমণটোৰ সংগঠকসকলে তেওঁক হাতখৰচ হিচাপে দিয়া ২০০ ছুইচ ফ্ৰেংক ধন কেনেকৈ খৰচ কৰিব পাৰি তাকো তেওঁ ভাবি পোৱা নাছিল৷ দেবকোতাই প্ৰচণ্ডৰ নাতিয়েককেইজনক উপহাৰ দিয়াৰ কাৰণে কেইটামান ছুইচ চকলেট আৰু ঘড়ী কিনিছিল। প্রচণ্ডৰ সন্মানাৰ্থে, বাৰ্ণ মহানগৰীৰ মেয়ৰে এটা ভোজমেলৰ আয়োজন কৰিছিল আৰু মাওবাদী নেতাজনৰ লগতে নেপালী ৰাজনৈতিক দলটোৰ সদস্যসকলক একোখনকৈ ছুইচ ছুৰী উপহাৰ দিছিল। কাঠমাণ্ডুলৈ উভতি আহোঁতে দোহাৰ প্ৰবাসী নেপালীসকলে অধ্যক্ষ প্রচণ্ডৰ সন্মানার্থে এক উষ্ণ অভ্যর্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানত তেওঁ এখন নতুন নেপাল নিৰ্মাণ কৰিব আৰু তেওঁলোকৰ গৃহভূমিক এটা আধুনিক উন্নত জাতিত পৰিণত কৰিব বুলি অংগীকাৰ কৰিছিল। দেৱকোতাই কয়— - ‘দুর্ভাগ্যবশতঃ ভুলতে ছুইচ ছুৰীখন তেওঁৰ হাতৰ বেগটোত ৰাখি থোৱাৰ বাবে দোহা আন্তর্জাতিক বিমান বন্দৰত নিৰাপত্তাৰক্ষীয়ে সেইখন হস্তগত কৰে। আৰু এইদৰে তেওঁ ইউৰোপৰ পৰা একো ননাকৈ শুদা হাতে আহিবলগীয়া হয়।'

 যুৱনেতা হিচাপে মাওবাদী নেতা মাট্ৰিকা যাদৱে ১৯৮১ চনৰ পৰাই অধ্যক্ষ প্রচণ্ডক জানিছিল। উত্তৰ প্ৰদেশৰ কুশীনগৰত অনুষ্ঠিত হোৱা সদৌ নেপাল যুৱক সংঘৰ ৰাষ্ট্ৰীয় সন্মিলনত যাদৱে প্ৰচণ্ডক প্ৰথমবাৰৰ বাবে লগ পাইছিল। যাদৱৰ মতে, যোৱা ২৮ বছৰত মাওবাদী মুৰব্বীজন নেতা হিচাপে অধিক উচ্চ আৰু শক্তিশালী হৈ উঠিছে। যাদৱে কয়— ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন বোলা কথাষাৰ তেওঁ (প্ৰচণ্ড)ৰ ক্ষেত্ৰত সঁচাকৈ প্ৰযোজ্য। কুশীনগৰৰ সন্মিলনত মই মোৰ জিলাৰ প্ৰতিনিধি আছিলোঁ। নেপালৰ যুৱশক্তিক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁৰ আন্তৰিক প্ৰয়াসত আমি সকলোৱে মুগ্ধ হৈছিলোঁ। সেই সময়ত নেপালৰ ৰাজনৈতিক পৰিস্থিতি বেয়া আছিল আৰু সামন্ত বাহিনীয়ে গাঁৱৰ মানুহৰ ওপৰত উৎপীড়ন চলাইছিল।’

১৮৪