পৃষ্ঠা:প্ৰচণ্ড.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
দলৰ ভাবমূর্তি বজাই
ৰাখিবলৈ প্ৰচণ্ডৰ পদক্ষেপ

 জনযুদ্ধৰ নেতৃত্ব বহন কৰি থকা সময়ছোৱাত সংগঠনটোৰ ভাবমূৰ্তি বৰ্তাই ৰখাটো প্ৰচণ্ডৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। আন্দোলনটোৰ কাৰ্যকলাপৰ ওপৰত মানৱ অধিকাৰ সংস্থা, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠন, গণ মাধ্যম আৰু বিশেষকৈ বৌদ্ধিক মহলে সততে চোকা নজৰ ৰাখিছিল। মাওবাদী বিদ্রোহীসকলৰ ব্যাপক হিংসাত্মক ঘটনাৱলীয়ে মানৱ অধিকাৰ ভংগ কৰাৰ লগতে দেশখনত শান্তিৰ বাতাৱৰণ বিনষ্ট কৰিছিল। মাওবাদী বিদ্রোহীসকলে সন্ত্রাসবাদী কার্যকলাপেৰে ব্যাপক হাৰত মানৱ অধিকাৰ ভংগ কৰা বুলি সমালোচনা কৰা হৈছিল।

 ২০০৫ চনৰ ৬ জুনত মাওবাদীসকলে চিটৱান জিলাৰ বেন্দাৰমুডেত এখন যাত্রীবাহী বাছত বোমা বিস্ফোৰণ সংঘটিত কৰে। এই বিস্ফোৰণৰ ফলত ১৩৮জন অসামৰিক লোকে মৃত্যুক সাবটি লোৱাৰ উপৰি ৭০জন লোক আহত হৈছিল। এই বিস্ফোৰণটোৱে সংগঠনটোৰ ভাবমূৰ্তি বিনষ্ট কৰাত যথেষ্ট ইন্ধন যোগাইছিল। ভয়াৱহ সন্ত্রাসবাদী আক্ৰমণটোত প্ৰাণ হেৰুওৱা প্ৰায়সংখ্যক লোকেই আছিল মাওবাদী প্রধানজনৰ নিজ জিলা ভীমসেন নগৰৰ কাষৰীয়া গাঁৱৰ নিবাসী। এই আক্রমণটোৱে তেওঁলোকৰ

১৬৮