পৃষ্ঠা:প্ৰচণ্ড.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকলোৱে ভাবিছিল, নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে ৰিগিঙৰ পয়োভৰ ঘটিব। কিন্তু সৌভাগ্যক্ৰমে সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰতে এই নিৰ্বাচনক আটাইতকৈ নিকা আৰু মুক্ত বুলি ঘোষণা কৰা হৈছিল। স্বাভাৱিকতে মাওবাদীসকল ইয়াক লৈ যথেষ্ট উৎফুল্লিত হৈছিল। কাৰণ এই নিৰ্বাচনে ৰাজনৈতিক দল হিচাপে দেশৰ লগতে দেশৰ বাহিৰতো মাওবাদীৰ ভাবমূৰ্তি যথেষ্ট উজ্জ্বল কৰি তুলিছিল।

১৫৮