পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯

এখন সামগ্ৰিক শান্তি চুক্তি

 ২০০৬ চনৰ ১৬ জুনৰ দিনা প্ৰচণ্ডৰ ৰাজহুৱা আৱিৰ্ভাৱে শান্তি প্ৰক্ৰিয়াটো আৰু অধিক দ্ৰুততৰ কৰি তুলিলে। মাত্ৰ দহ দিনৰ ভিতৰতে মাওবাদী আৰু চৰকাৰৰ আলোচনাকাৰী দলটোৱে ৰাষ্ট্ৰীয় পৰ্যৱেক্ষক সমিতিৰ ক্ষমতা আৰু চুক্তিৰ ছুপাৰিছত একমত হৈ যুদ্ধবিৰতিৰ আচৰণবিধি মানি ল’বলৈ সিদ্ধান্ত ল’লে।

 জুলাই মাহৰ ১৫ আৰু ৩০ তাৰিখৰ ভিতৰত চৰকাৰ আৰু মাওবাদী উভয়ে ১৬ জনীয়া সদস্যৰে এখন অন্তৱৰ্তী সংবিধানৰ খচৰা প্ৰস্তুতকাৰী সমিতি পুনৰ গঠন কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই খচৰা সমিতিত মহিলা, দলিত শ্ৰেণীৰ উপৰি থলুৱা জনগোষ্ঠীসমূহৰ সদস্যৰ প্ৰতিনিধিত্বৰো ব্যৱস্থা আছিল। তদুপৰি জুলাই মাহৰ ২১ তাৰিখে প্ৰধান মন্ত্ৰী গিৰিজাপ্ৰসাদ কৈৰালা আৰু অধ্যক্ষ প্ৰচণ্ডৰ মাজত দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

 দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ মাজত হোৱা ষষ্ঠলানি আলোচনা ফলপ্ৰসূভাৱে আগ নাবাঢ়িল। তদুপৰি অনুষ্ঠিত হ'বলগীয়া উচ্চপৰ্যায়ৰ বৈঠকখনৰ দিন ২৮ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হয়। কিন্তু শান্তি প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ স্বাৰ্থত মাওবাদী নেতাসকলে জুলাই মাহৰ ২৯ তাৰিখে যুদ্ধবিৰতিৰ সময়সীমা আৰু তিনিমাহৰ কাৰণে বঢ়াই দিয়াৰ

১৪০