পৃষ্ঠা:প্ৰচণ্ড.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এজন যুৱ সমাজবাদী নেতাৰ অভ্যুত্থান

 সমাজবাদী আদৰ্শৰ প্ৰতি মন ঢাল খোৱাৰ সময়তেই পুষ্প কমল দাহাল চন্দ্ৰৰাজ ভূৰটেল নামৰ নাৰায়ণী বিদ্যা মন্দিৰৰ এগৰাকী প্ৰসিদ্ধ শিক্ষক তথা পণ্ডিতৰ সান্নিধ্যলৈ আহে। তেওঁৰ সান্নিধ্য আৰু তত্ত্বাৱধানত সাম্যবাদৰ চৰম অনুৰাগী যুৱকজনৰ সাম্যবাদী চিন্তাধাৰাই আৰু অধিক পৰিপক্কতা লাভ কৰে।

 সেই সময়ত নেপালত দলহীন পঞ্চায়তৰ শাসন চলিছিল আৰু এই পঞ্চায়তী শাসনে ৰাজনৈতিক দল, বিশেষকৈ বাঁওপন্থাৰ প্ৰতি সহানুভূতিশীল দল আৰু বামপন্থাৰ প্ৰতি সমৰ্থন থকা দলসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছিল। এনে অৱস্থাত নেপালৰ কোনো যুৱকেই ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহী নাছিল। কিন্তু এই দিশত পুষ্প কমল পিছপৰি নাথাকিল। আনকি তেওঁ স্কুলীয়া জীৱনৰ পৰাই বাঁওপন্থী কাম-কাজত নিজকে নিয়োজিত কৰিছিল।

 ১৯৪৯ চনত পুষ্পলাল শ্ৰেষ্ঠাৰ নেতৃত্বত এক সমাজবাদী দল গঠন হোৱাৰ লগে লগে নেপালত সমাজবাদী বিপ্লৱৰ সূচনা হয়। প্ৰথম অৱস্থাত এই দলে নেপালৰ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু ১৯৫৮ চনৰ নেপালী কংগ্ৰেছৰ

২৬